অসম চৰকাৰৰ শিক্ষা বিভাগে “সমগ্ৰ শিক্ষা অসম” কাৰ্যসূচীৰ অধীনত শিক্ষাৰ্থী সকলৰ শৈক্ষিক দিশৰ লগতে তেঁওলোকৰ মাজত থকা বৌদ্ধিক আৰু বিভিন্ন ক্ষেত্ৰৰ উদ্ভাৱনী প্ৰতিভা সমুহক বিকশিত কৰি এখন মঞ্চ দিয়াৰ বাবে ৰাজ্যৰ নিৰ্বাচিত কিছু কিছু উচ্চ মাধ্যমিক বিদ্যালয়ত “INNOVATIVE & Community Learning Hub” শীৰ্ষক একোটা শৈক্ষিক হাব স্থাপন কৰিছে। গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰৰ মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত পশ্চিম ৰামছাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়তো এনে এটা শৈক্ষিক হাব স্থাপন কৰা হৈছে। এই শৈক্ষিক হাবটো শিক্ষাৰ্থী সকলৰ বাবে মুকলি কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে বিদ্যালয়ৰ শিক্ষাৰ্থী, প্ৰাক্তন শিক্ষাৰ্থী, শিক্ষক – শিক্ষয়ত্ৰী আৰু স্থানীয় বহু লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণত হাবটোৰ জৰিয়তে শিক্ষাৰ্থী সকলৰ বৌদ্ধিক আৰু উদ্ভাৱনী প্ৰতিভা সমুহ বিকশিত হব বুলি আশা ব্যক্ত কৰি পশ্চিম গুৱাহাটীত এনে হাব স্থাপন কৰা বাবে দেশৰ শিক্ষা বিভাগৰ শলাগ লয়।
সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ কামৰূপ মহানগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শিকা দীপিকা চৌধুৰীয়ে ভাষণত হাব স্থাপনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি মহানগৰ জিলাত এই পৰ্যন্ত ১৫ খন নিৰ্বাচিত বিদ্যালয়ত হাব স্থাপন কৰা হৈছে বুলি সদৰি কৰে। সভাত আমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ সমগ্ৰ শিক্ষা, অসমৰ কামৰূপ মহানগৰ জিলাৰ কাৰ্যসূচী বিষয়া তাপসী শৰ্মাই ভাষণত এই হাবত ওচৰ পাজৰৰ আন আন বিদ্যালয় সমূহৰ শিক্ষাৰ্থী সকলেও নিজৰ সুবিধা অনুসৰি আহিব পাৰিব বুলি ব্যক্ত কৰে । অানহাতে বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক কুমাৰ কলিতাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অভিজিত কলিতা , অগপ দলৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মা, ৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্য নিজৰা কলিতা, মাজিৰগাওঁ গাওঁ পঞ্চায়তৰ সভানেত্ৰী ববিতা বৈশ্য পলাশবাৰী। আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক খগেন মেধিকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে।