গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান (এছ আই পি আৰ ডি) চৌহদত অনুষ্ঠিত হৈ থকা নৱ-নিযুক্তিপ্রাপ্ত কনিষ্ঠ অভিযন্তা সকলৰ পাঁচদিনীয়া প্ৰাৰম্ভিক প্ৰশিক্ষণ কাৰ্যসূচীৰ অলপতে অনুষ্ঠিত হৈ যায়। সামৰণি অনুষ্ঠানৰ দিনা মুখ্য অতিথি হিচাপে অংশ লৈ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নৱনিযুক্ত কনিষ্ঠ অভিযন্তা সকলক নিষ্ঠাৰে ৰাইজৰ সেৱা কৰিবলৈ আহ্বান জনায় কয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দায়িত্ব লোৱাৰে পৰাই দেশৰ দুখীয়া – দৰিদ্ৰসকলৰ জীৱনৰ মানদণ্ড উন্নিত কৰিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে।সেই উদ্দেশ্য আগত ৰাখিয়েই প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ সফল ৰূপায়ণ কৰাত অধিক মনোনিৱেশ কৰিছে। লগতে, এই আচঁনিখনৰ ৰূপায়ণত অকণমানো খুত যাতে ৰৈ নাযায়, তাৰবাবে নতুন নীতি নিয়ম প্রয়োগ কৰি এক উন্নয়নৰ নতুন জেঁৱাৰ আনিবলৈ সক্ষম হৈছে।
তদুপৰি মহাত্মা গান্ধী মহাত্মা গান্ধী ৰাষ্টীয় গ্রাম্য নিয়োগ নিশ্চিত আঁচনিৰ জৰিয়তে গ্রামাঞ্চলত কাম কৰিবলৈ আগ্ৰহী ৰাইজৰ আৰ্থিক অৱস্থাৰ উত্তৰণ ঘটোৱাৰ প্ৰচেষ্টা যাতে নিকা আৰু ক্ষীপ্ত হয়; তাৰবাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অমৃত সৰোবৰ আচঁনিৰ অধীনত সমগত ৰাজ্যতে তিনি হাজাৰ সাতটাকৈ পুখুৰী নিৰ্মাণ কৰি জল সংৰক্ষণ তথা অর্থনৈতিক স্বাৱলম্বিতাৰ নতুন পথ চৰকাৰে মুকলি কৰিছে। গতিকে উন্নয়নৰ এই জয়যাত্রাত সমর্পিত মনোভাৱেৰে সকলো নৱ-নিযুক্ত কনিষ্ঠ অভিযন্তা সকলক কাম কৰি যাবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়।
অনুষ্ঠানটোত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত বিক্ৰম কৈৰীয়ে বিশিষ্ট অতিথি হিচাপে ভাগ লৈ আচঁনিসমূহৰ ৰূপায়ণৰ সঠিক নীতি নিদের্শনা সমূহ ভালকৈ অধ্যয়ন কৰি কৰ্মত মনোনিৱেশ কৰিবলৈ কনিষ্ঠ অভিযন্তা সকলক অনুৰোধ জনায়। শেষত শলাগৰ শৰাই আগবঢ়ায় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসমৰ সচিৱ তথা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিস্থান, অসমৰ সঞ্চালক মুনীন্দ্ৰ শৰ্মাই।