অসমত ব্ৰহ্মপুত্ৰ, বৰাক আৰু উপনদীসমূহৰ বান পৰিস্থিতি ভয়ংকৰ হৈ আছে। এতিয়াও বিপদসীমাৰ ওপৰত বহু নদী-উপনদী। কেন্দ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি, নগাঁও জিলাৰ কামপুৰত কপিলী নদী আৰু নিমাতিঘাট, তেজপুৰ, গুৱাহাটী, কামৰূপ, গোৱালপাৰা আৰু ধুবুৰীত থকা ব্ৰহ্মপুত্ৰ নদী আৰু পুঠিমাৰী, পাগলাদিয়া, বেকি, বৰাক, কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। প্রশাসনে উদ্ধাৰ কৰিব নোৱৰা লাখ লাখ লোক এতিয়াও ওখ মথাউৰি, পথত আশ্ৰয় ল’বলগীয়া হৈছে।কিন্তু তাতো বন্যাৰ্তৰ দুৰ্যোগে লগ এৰা নাই। বহু স্থানত আশ্ৰয় লৈ থকা পথ আৰু মথাউৰিও বাঢ়নী পানীয়ে বুৰাই পেলোৱাত বন্যাতৰ আশ্ৰয় লোৱাৰ বাবেও স্থানৰ অভােৱ দেখা দিছে। প্ৰণিধানযোগ্য যে, যোৱা ৬ এপ্ৰিলৰ পৰা এই পর্যন্ত ৰাজ্যত হোৱা বান আৰু ভূমিস্খলনৰ বাবে চৰকাৰী তথ্য অনুসৰি মুঠ ৯৬জন লোকৰ মৃত্যু ঘটিছে।
বছৰৰ দ্বিতীয়টো বান আৰু ভূমিস্খলনতে ৰাজ্যত মৃতকৰ সংখ্যাই ইতিমধ্যে অৰ্ধশতক স্পৰ্শ কৰিছে। এতিয়াও লাখ লাখ বানাক্ৰান্তই চৰকাৰী সাহায্য আৰু আশ্ৰয়ৰ আশাত বন্দী হৈ আছে। বহু বানাক্ৰান্ত এলেকালৈ আজিও প্ৰশাসনৰ লোক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ বাবে যাব পৰা নাই। আনহাতে, বন্যাৰ্তক সহায় কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ পাছতো প্রশাসনে পর্যাপ্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগ উঠিছে।