বাতৰি এটা প্ৰকাশ পাইছে বোলে ধুবুৰীত যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে পঞ্জীয়নভুক্ত বিভিন্ন ধৰণৰ নাৱৰ চালক আৰু হেণ্ডিমেন-সহায়কসকলৰ বাবে কালিৰ পৰা পাঁচদিনীয়াকৈ ধুবুৰীত অসম অভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতিৰ উদ্যোগত তথা অসমৰ চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত এটা প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে ৷
মাজুলীৰ ফেৰী দুৰ্ঘটনাত হোৱা নৰসংহাৰৰ পিছত আপদাকালীন ব্যৱস্থা হিচাপে চৰকাৰে এতিয়া এনেধৰণৰ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৷ নাও, জাহাজত লাইফ জেকেট, অনলাইন টিকেটৰ ব্যৱস্থাৰ দৰে সুবিধা প্ৰদান কৰিছে ৷ কিন্তু কিমানবোৰ প্ৰাণৰ বিনিময়ত এই সুবিধা লাভ কৰিছে জনসাধাৰণে ?
ভৰ বাৰিষা বুকুত জীৱটো বান্ধি নদী ইপাৰ-সিপাৰ হোৱা যাত্ৰীসকলৰ পৰা ধন আদায় কৰাৰ সময়ত এনেবোৰ কথা মনলৈ নাহে ৷ কিন্তু নদীৰ পকনীয়াত নিমিষতে জাহ যায় একোটা জীৱন ৷ তাৰ পিছত চৰকাৰে ঘোষণা কৰে সাহায্যৰ ৷ জনসাধাৰণো সজাগ নহয় ৷ ভুটভুটী নাওবোৰত উশাহ নোপোৱাকৈ যাত্ৰা কৰে যাত্ৰীসকলে ৷ এনেবোৰ নাৱত সীমিত ব্যৱস্থা থকাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত সকলোৰে প্ৰাণ ৰক্ষা অসম্ভৱ হৈ পৰে ৷
মাজুলীকে ধৰি অসমৰ বিভিন্ন স্থানত হোৱা নাও দুৰ্ঘটনাবোৰৰ পিছত গা লৰিছে এতিয়া চৰকাৰৰ ৷ কিন্তু বৰষুণ গ’লে জাপি, চোৰ গ’লে বুধিৰ লেখীয়া হোৱাকৈ অলেখ লোকৰ প্ৰাণৰ বিনিময়ত প্ৰণয়ন হ’বলৈ যোৱা এই সুবিধাবোৰ কিমান দিনলৈ চলি থাকে সেয়া সময়ে ক’ব ৷