ষোল্ল শ শতিকাৰ কিংবদন্তি কোচ সেনানায়ক বীৰ চিলাৰায় হিন্দী নাটকৰ ৰূপত সজীৱ হৈ উঠিল মহানগৰীত। শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ২০ জুলাইৰ সন্ধিয়া অনুষ্ঠিত এই নাটকখন ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ দ্য আৰ্টছ (আই জি এন চি এ)ৰ উত্তৰ-পূব ক্ষেত্ৰীয় কেন্দ্র (এন ই আৰ চি) ৰ এমাহজোৰা কৰ্মশালা প্ৰকল্পৰ ফলশ্রুতি। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ স্বতন্ত্ৰ সংস্থা ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ দ্য আৰ্টছৰ সদস্য সচিব ডঃ সচ্চিদানন্দ যোশীয়ে বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানিকভাৱে মঞ্চ উদ্বোধন কৰে।
উদ্বোধনী ভাষণত ড০ যোশীয়ে বীৰ চিলাৰায় আৰু লাচিত বৰফুকনৰ গৌৰৱৰ বিষয়ে কয় আৰু উত্তৰ-পূৰ্বাঞ্চলৰ নায়কসকলক সৃষ্টিশীলভাৱে ৰাষ্ট্ৰীয় মঞ্চত উপস্থাপনৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। তেওঁ চিলাৰায়ৰ সামৰিক শৌৰ্য্যৰ লগতে সাংস্কৃতিক প্ৰৱণতাৰ বিষয়েও উল্লেখ কৰে। চিলাৰায় আছিল বিশ্বৰ অন্যতম শ্রেষ্ঠ সেনাপতি, তেওঁ দুখ প্ৰকাশ কৰে যে অসমৰ বাহিৰত ভাৰতীয়সকলে তেওঁৰ নামেই হয়তো শুনা নাই। আমাৰ শক্তিৰ প্ৰতীক সমূহক তুচ্ছজ্ঞান কৰিবলৈ ইতিহাসক কৌশলগতভাৱে হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু সেয়েহে আইজিএনচিত্রই এই কর্মশালামুখী নাটক আৰু অন্যান্য এনে প্ৰকল্পৰ বাবে উদ্যোগ লৈছে। বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনে সম্মানীয় অতিথি হিচাপে এই নাট মঞ্চায়ন অনুষ্ঠানৰ শোভা বঢ়ায়। বিদ্যা ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰত সম্পাদক ডঃ জগদীন্দ্ৰ ৰায়চৌধুৰী, সংস্কাৰ ভাৰতীৰ পূৰ্বোত্তৰ ক্ষেত্ৰপ্ৰমুখ প্ৰসেনজিত ৰায়চৌধুৰী, কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্য ক্ৰমে গকুল বৰ্মন আৰু হিতেশ্বৰ বৰ্মনৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে প্রেক্ষাগৃহভর্তি নাটখন প্রত্যক্ষ কৰে আইজিএনচিত্ৰ-ৰ উত্তৰ-পূব ক্ষেত্ৰীয় কেন্দ্ৰৰ সঞ্চালক সুৰেশ গদুকাই কয় যে এই নাট উপস্থাপন চিলাৰায়ৰ বহুমুখী ব্যক্তিত্বৰ এক অংশ। তেওঁ কয় যে এই প্ৰকল্পটো উত্তৰ-পূবৰ কিংবদন্তিসকলৰ জীৱন আৰু সাফল্য ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শনৰ অংশ। সংগীত নাটক অকাডেমিৰ ওস্তাদ বিছমিল্লাহ খান যুৱ বঁটা বিজয়ী হিমাংশু শৰ্মাই এই কৰ্মশালা আৰু নাটকখন পৰিচালনা কৰে।