বংগ উপসাগৰৰ ওপৰেৰে গতি লাভ কৰাৰ লগে লগে ‘ছিট্ৰাং’ ঘূৰ্ণীবতাহ তীব্ৰতৰ হৈ তীব্ৰ ঘূৰ্ণীবতাহ তথা ধুমুহালৈ পৰিণত হোৱাৰ সম্ভাৱনা অতিশয় বেছি আৰু মঙলবাৰে পুৱা বাংলাদেশত লেণ্ডফ’ল কৰিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনাইছে। উল্লেখ্য যে, বতাহৰ গতিবেগ ঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ আৰু ঘূৰ্ণীবতাহৰ সময়ছোৱাত প্ৰতি ঘণ্টাত ১১০ কিলোমিটাৰ পৰ্যন্ত হ’ব পাৰে।
উড়িষ্যা আৰু পশ্চিম বংগৰ উপকূলীয় অঞ্চলত প্ৰচণ্ড বৰষুণ হোৱাৰ লগতে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম, ত্ৰিপুৰাকে ধৰি উত্তৰ-পূবাঞ্চলৰ ৰাজ্যসমূহতো পাতলীয়াৰ পৰা অতি প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, ঘূৰ্ণীবতাহ ছিট্ৰাং ঘণ্টাত ১৫ কিলোমিটাৰ বেগত উত্তৰ আৰু উত্তৰ-পূব দিশলৈ গতি কৰিছে। ইয়াৰ গতি অব্যাহত থকাৰ বাবে ই আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে।