প্ৰবীণ সাংস্কৃতিক কৰ্মী মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাৰ দ্বাৰা প্ৰযোজিত তথা আৰক্ষী বিষয়া , পৰিচালক ডঃ পাৰ্থ সাৰথি মহন্তৰ দ্বাৰা ৰচিত আৰু পৰিচালিত লাচিত দ্য ৱাৰিয়ৰ শীৰ্ষক এনিমেচন ফ্লিম খনে শ্ৰেষ্ঠ আৰু দুটা উচ্চ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ফ্লিম উৎসৱৰ সন্মান লাভ কৰিছে। মহান অসমীয়া যোদ্ধা, মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ ওপৰত নিৰ্মিত চুটি ছবিখনে শেহতীয়াকৈ চেন্নাইৰ এডিচন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ এনিমেচন ছবিৰ সন্মান লাভ কৰিছে।
উক্ত ছবিখনক পুডুচেৰীত মকখো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এই সন্মান প্ৰদান কৰা হয়।’লাচিত দ্য ৱাৰিয়ৰ’ত সংলাপ বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন উপাচাৰ্য ডঃ অমৰজ্যোতি চৌধুৰীৰ আৰু সংগীত ৰূপম তালুকদাৰৰ। ছবিখনৰ সৃষ্টিশীল পৰিচালক অনুপম মহন্ত, ষ্ট’ৰী বৰ্ডিং আৰু চিত্ৰকল্প হৃষিকেশ বৰাৰ আৰু ভিএফএক্স ৰাতুল দত্তৰ।