এইবেলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠক দিছপুৰত নহয়, অসমৰ বিভিন্ন জিলাত ঠায়ে ঠায়ে অনুষ্ঠিত হ’ব ৷ নতুন চৰকাৰৰ নতুন নীতি ৷ অৱশ্যে পূৰ্বতেও এনে নোহোৱা নহয়, মুখ্যমন্ত্ৰী শৰৎ সিংহইও অনুৰূপ কাৰ্য কৰিছিল ৷ তেখেতে গ্ৰামাঞ্চললৈ মন্ত্ৰীসকলক লৈ কেবিনেট বৈঠকৰ আয়োজন কৰিছিল যাতে চৰকাৰ আৰু জনতাৰ মাজৰ দূৰত্ব হ্ৰাস হয় ৷ গ্ৰামাঞ্চলৰ দুখ-দুৰ্দশা যাতে মন্ত্ৰী বিধায়কৰ অলক্ষিতে নৰয় সেই ব্যৱস্থা গ্ৰহণ কৰিছিল শৰৎ সিংহই ৷ সেই বিষয়ত মুখ্যমন্ত্ৰী শৰৎ সিংহ কিমান সফল বা অসফল হ’ল সেয়া অন্য এটা বিষয় যদিও বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও অনুৰূপ ব্যৱস্থা প্ৰচলনৰ দিশত আগবাঢ়িছে ৷ মাজুলীৰ পৰা আৰম্ভ কৰি ধেমাজিকে ধৰি বিভিন্ন স্থানত কেবিনেটৰ বৈঠক আয়োজন কৰাৰ যোঁ-জা চলিছে ৷ কিন্তু শৰৎ সিংহৰ কেবিনেটৰ বৈঠক আৰু হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ বৈঠকৰ মাজত আছে আকাশ-পাতাল পাৰ্থক্য ৷
তাহানি আটাইবোৰ মন্ত্ৰী বিধায়কক এখন বাছত লৈ মুখ্যমন্ত্ৰী শৰৎ সিংহই গ্ৰামাঞ্চলৰ কোনোবা এখন বিদ্যালয়ত নিশাটো কটাই কেবিনেট বৈঠকৰ আয়োজন কৰাৰ নজিৰ আছিল ৷ কিন্তু এতিয়া বাছত ? এতিয়া একো একোজন মন্ত্ৰী বিধায়কৰ বিশাল কনভয় দেখিলে চকু কঁপালত উঠে ৷ চৰকাৰী ধন উৰুৱাই এইদৰে গাঁৱে গাঁৱে কেবিনেট বৈঠক কৰি, সেই কেবিনেটৰ ফলাফল যদি ইতিবাচক নহয় তেতিয়া ই ভালুকৰ সাঙীলৈ পৰিণত হ’ব ৷
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আৰু নিয়ন্ত্ৰণ অতিশয় জৰুৰী হৈ পৰিব ৷ তেওঁ যি নতুন এক অধ্যায় ৰচনা কৰাৰ মানস কৰিছে সেই অধ্যায় যাতে অসমৰ জনসাধাৰণৰ বাবে সোণালী অধ্যায় হৈ ৰয় সেয়া নিশ্চিত কৰাটো তেওঁৰ বাবে হ’ব এক গুৰু দায়িত্ব ৷
৩০ ছেপ্টেম্বৰ ২০২১ তাৰিখে বন্যাধূষিত ধেমাজিত কেবিনেট বৈঠক আয়োজন হোৱাৰ কথা ৷ ধেমাজিৰ বানপানীৰ বিষয়ে অসমৰ সকলো জনসাধাৰণেই অৱগত ৷ এই ক্ষেত্ৰত ধেমাজিৰ জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰাকৈ এই কেবিনেট সফল হ’ব নে নহয় সেয়া সময়হে ক’ব ৷