মহানগৰীত বন্ধ হ’ব মটৰচালিত ৰিক্সা। গুৱাহাটী পৌৰ নিগমে বাধা আৰোপ কৰিছে মটৰ সংযুক্ত ৰিক্সা চলাচলত। পৌৰ নিগমে মটৰ চালিত ৰিক্সাৰ চালক, মালিকক মটৰ সংযোগ বিচ্চিন্ন কৰিবলৈ এসপ্তাহৰ সময়সীমা দিছে। এসপ্তাহৰ ভিতৰত এনে নকৰিলে নিগমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়।
উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমে এই সংক্ৰান্তত এক জাননী প্ৰকাশ কৰিছিল। এই জাননীত চালক তথা ৰিক্সাৰ গৰাকীক এসপ্তাহৰ ভিতৰত মহানগৰীৰ সকলো মটৰ সংযোগী ৰিক্সা বন্ধ কৰিবলৈ দিয়া নিৰ্দেশ উল্লেখ কৰা হৈছে৷
আনহাতে, নিগমৰ এনে সিদ্ধান্ত ৰিক্সা চালকসকলে মানি লোৱা নাই। চালকসকলে কয় যে, পূৰ্বে ২০ হাজাৰ টকাত ক্ৰয় কৰা ৰিক্সা এতিয়া মটৰ সংযোগ কৰি ৮০ হাজাৰ টকাত ক্ৰয় কৰা হৈছে৷ তেনে সময়ত মটৰ সংযোগী প্ৰতিষ্ঠানৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমে ব্যৱস্থা গ্ৰহণ নকৰি চালকৰ ওপৰত হাৰাশাস্তি কৰা বুলি চালকসকলে অভিযোগ উত্থাপন কৰিছে।