দেশৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমতো বৃদ্ধি পাইছে যাত্ৰীকে ধৰি বিদেশৰ পৰা বিভিন্ন কাৰণত অহা লোকৰ সংখ্যা। বিশেষকৈ চলিত বৰ্ষৰ প্ৰথম দুটা মাহত অসমকে ধৰি উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ শেহতীয়া এক পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে।
উল্লেখ্য যে দেশৰ আন ৰাজ্যৰ লগতে বিদেশৰ পৰা অসমলৈ বিমানৰে অহা ৯০ শতাংশতকৈ অধিক লোকে বৰঝাৰ বিমানবন্দৰলৈ অহাৰ পাছতহে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ অহা – যোৱা কৰে। বৰঝাৰ বিমানবন্দৰৰ সূত্ৰই সদৰি কৰা অনুসৰি বিগত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত গুৱাহাটীলৈ বিমানৰে অহা – যোৱা কৰিছে প্ৰায় ৮ হাজাৰ বিদেশী যাত্ৰী। ইয়াৰ ভিতৰত প্ৰায় ৪ হাজাৰ বিদেশী যাত্ৰী অহা – যোৱা কৰিছে থাইলেণ্ডৰ ৰাজধানী বেংককৰ পৰা। আন বিদেশী যাত্ৰী অহা – যোৱা কৰিছে ভূটানৰ ৰাজধানী পাৰো আৰু ছিংগাপুৰৰ পৰা। এই সন্দৰ্ভত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই জনিবলৈ দিয়া মতে উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ আৰু অঞ্চলটোৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিমানবন্দৰ হিচাপে গুৱাহাটীত স্বাভাবিকতে দেশী – বিদেশী যাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।
বৰ্তমান গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখৰ পৰা উন্নিত হৈ দক্ষিণ পূৱ এছিয়াৰ দুৱাৰমুখ হিচাপে পৰিগণিত হৈছে। বৰ্তমান বিমানবন্দৰটোত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো সা – সুবিধাৰ ব্যৱস্থা কৰা হৈছে। নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণ হৈ উঠিল বিশ্বৰ আগশাৰীৰ বিমানন্দৰ সমূহৰ দৰে গুৱাহাটীটো বিশ্বমানৰ সকলো সুবিধাই যাত্ৰীয়ে লাভ কৰিব বুলি মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই সদৰি কৰিছে। উল্লেখ্য যে বিমানন্দৰটোৰ নতুন টাৰ্মিনেল ভৱনটোক সংযোগ কৰি আজাৰাৰা ভি আই পি চকৰ পৰা গড়ল হৈ ধাৰাপুৰ চাৰিআলিলৈ ছয়লেনযুক্ত এটা পথৰ নিৰ্মাণ কাৰ্য দিনে – নিশাই চলি থকা পৰিলক্ষিত হৈছে।