১৯৬২ চনত যাতায়তৰ বাবে মুকলি কৰা হৈছিল শৰাইঘাটৰ পুৰণি দলঙখন। ইয়াৰ পিছতে ৰাজধানী মহানগৰীৰ সৈতে অসমৰ ভিন্ন প্ৰান্তৰ লোকৰ যোগাযোগৰ সহজ মাধ্যম হৈ পৰে দলংখন।
বিভিন্ন সময়ত ১৪৯২ মিটাৰ দৈৰ্ঘ্যৰ এই দলঙখনৰ মেৰামতিকৰণ আৰু আধুনিকীকৰণৰ কাম চলি আহিছে।শেহতীয়াকৈ পুনৰ এবাৰ বিশেষ পদ্ধতিৰে দলঙখনৰ মেৰামতিৰ কাম হাতত লৈছে চৰকাৰে।
সেইবাবে দলঙখনেৰে আজিৰে পৰা অহা তিনিমাহলৈ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে সকলোধৰণৰ যাতায়ত।এইখিনি সময়ত উভয় দিশৰ পৰা অহা যান-বাহন সমূহে যাতায়ত কৰিব পাৰিব শৰাইঘাটৰ নতুন দলঙখনেৰে।