শেহতীয়াকৈ সামাজিক মাধ্যমত এখনি আলোকচিত্ৰ ভাইৰেল হৈ পৰিছিল। দাবী কৰা হৈছিল যে উক্ত আলোকচিত্ৰখন ফাদাৰ ষ্টেন স্বামীৰ।আলোকচিত্ৰখনত অক্সিজেন মাস্ক পৰিধান কৰা এজন ব্যক্তিক দেখা গৈছিল। শিকলিৰে ভৰিত বান্ধ খাই থকা ব্যক্তিজন পৰি আছিল হাস্পতালৰ বিছনাত। পিছে Headline8 ৰ অনুসন্ধানত পোৱা গৈছে যে ছৱিখন সন্দৰ্ভত কৰা দাবী ভুৱা।
দাবী:
ফেচবুক ব্যৱহাৰকাৰী Shakeel Burney আৰু Satish Gopalan য়ে ৫ জুলাইত এখনি ছৱি শ্বেয়াৰ কৰি লিখছিল-
“ ৮৪ বছৰীয়া বৃদ্ধ ফাদাৰ ষ্টেন স্বামীৰ মৃত্যু। RIP আমাৰ আমাৰ প্ৰচলিত ব্যৱস্থা”।
অন্য এগৰাকী ফেচবুক ব্যৱহৰকাৰী Tridib Nilim Dutta ই ছৱিখন শ্বেয়াৰ কৰে।
অসমৰ আগশাৰীৰ সংবাদ পত্ৰ অসমীয়া প্ৰতিদিনেও উক্ত ছৱিখন ৬ জুলাইত শ্বেয়াৰ কৰে।
বাতৰিটোত সংবাদ পত্ৰখনে লিখে- –
“বন্দী অৱস্থাত সমাজকৰ্মী ষ্টেন স্বামীৰ মৃত্যু”
অসমীয়া প্ৰতিদিনে বাতৰিৰ সৈতে সংলগ্ন কৰা ছৱিখন তলত দিয়া হৈছে। ছৱিখনত আমি অক্সিজেন মাস্ক পৰিধান কৰা এগৰাকী বৃদ্ধক শিকলিৰে বন্ধা অৱস্থাত হাস্পতালৰ বিছনাত পৰি থকা দেখিবলৈ পাইছো।
ইয়াত আপোনালোকে Shakeel Burney, Satish Gopalan আৰু Tridip Nilim Dutta ৰ পোষ্ট কেইটা পঢ়িব পাৰিব।
https://archive.fo/yJDLO
https://archive.fo/rBfXG
https://archive.fo/z3BVC
অনুসন্ধান:
Headline8 য়ে ছৱিখনৰ এক সত্যানুসন্ধান কৰে আৰু তলত আমি কি পালো সেয়া উল্লেখ কৰা হ’ল:
অসমীয়া প্ৰতিদিন কাককত প্ৰকাশিত আলোকচিত্ৰখনৰ এক Reverse Google Image Search আমি কৰিছিলো।অনুসন্ধানৰ অন্তত আমি আৱিস্কাৰ কৰো যে ব্যৱহৃত আলোকচিত্ৰৰ বৃদ্ধ গৰাকী ফাদাৰ ষ্টেন স্বামী নহয়।
শিকলিৰে বন্ধা ব্যক্তিগৰাকী হ’ল বাবুৰাম বলৱন সিঙ। তেওঁ হ’ল এগৰাকী হত্যাৰ গোচৰত দণ্ডিত অপৰাধী।তেওঁ কাৰাৰুদ্ধ হৈ আছিল উত্তৰ প্ৰদেশৰ এটাহৰ জিলা কাৰাগাৰত। শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ হেতুকে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাৰ সময়ত তোলা হৈছিল উক্ত আলোকচিত্ৰখন।
Headline8 য়ে Vishvasnews ৰ জ্যেষ্ঠ সাংবাদিক ৰংমন দাসৰ সৈতেও যোগাযোগ কৰিছিল।তেওঁ ছৱিখন সম্পৰ্কে সবিশেষ তথ্য উলিয়াই আৰু কয় যে শিকলিৰে বন্ধা ব্যক্তিগৰাকী ষ্টেন স্বামী নহয় আৰু ভাইৰেল ছৱিখন ভুৱা।
Headline8 য়ে কেইবাটাও টুইটাৰ হেণ্ডল পৰীক্ষা কৰিও ষ্টেন স্বামীৰ প্ৰকৃত পৰিচয় জানিব পাৰে।দুয়োখন ছৱি পৰীক্ষা কৰি এয়া জানিব পৰা যায় যে দুয়োখন ছৱি সম্পূৰ্ণ পৃথক।
Headline8 য়ে অনুসন্ধানৰ অন্তিম পৰ্যায়ত ওপৰত উল্লেখ কৰা প্ৰতিগৰাকী ফেচবুক ব্যৱহাৰকাৰীৰ প্ৰফাইলসমূহ পৰীক্ষা কৰে আৰু জানিব পাৰে যে- –
Shakeel Burney ৰ আছে ৩৮৩৪ গৰাকী বন্ধু। তেওঁক অনুসৰণ কৰে ৬৩৫ গৰাকী ব্যক্তিয়ে।
একেদৰেই Satish Gopalan ৰো আছে ৬১৯ গৰাকী অনুসৰণকাৰী।
সামৰণি:ছৱিখনত দেখা ব্যক্তিগৰাকী বহুতে দাবী কৰাৰ দৰে ফাদাৰ ষ্টেন স্বামী নহয়। Headline8 য়ে পুংখানুপুংখ অনুসন্ধানৰ অন্তত জানিব পাৰে যে এয়া এক অপপ্ৰচাৰ কিম্বা ভুৱা প্ৰচাৰ।
ছৱিত দেখা ব্যক্তিজন বাবুৰাম বলৱন সিঙ, যি হ’ল এগৰাকী হত্যাৰ গোচৰত দণ্ডিত ব্যক্তি।