পুনৰ ৰাজ্যত সংঘটিত হৈছে আৰক্ষীক আক্ৰমণৰ ঘটনা। টীয়কত কৰ্তব্যৰত আৰক্ষীক মাৰধৰ কৰি BSF জোৱানসহ তিনি অভিযুক্ত ৰঙা ঘৰলৈ। টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত জাঁজীত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছিল বি এছ এফৰ জোৱান পৰমা গগৈ, কুসুম গগৈ আৰু জ্ঞানদীপ হাজৰিকাই।
সুৰাপান কৰি তিনিও এখন বাইকত গৈ থকা অৱস্থাত আৰক্ষীয়ে সোধা-পোছাৰ বাবে ৰখোৱাত খড়্গহস্ত হৈ আক্ৰমণ কৰে কৰ্তব্যৰত আৰক্ষীজনক।
দলটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় প্ৰনৱ গগৈ নামৰ আৰক্ষী জোৱানজন। আৰক্ষীয়ে অভিযুক্ত তিনিওকে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছে জেললৈ।