দেশী বিদেশী চৰাইৰ বিচৰণথলী আৰু এটা সময়ত চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে আন্তৰ্জাতিক ৰামছৰ ক্ষেত্ৰত স্থান লাভ কৰা দীপৰ বিল এতিয়া অস্তিত্বৰ সংকটত ভুগিছে। বিশেষকৈ পামহী কেনেলৰে অহৰহভাবে বৈ থকা গুৱাহাটীৰ দূষিত পানী আৰু বিলৰ পৰা কিছু নিলগৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে প্ৰায় তিনি বছৰ পূৰ্বে স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডৰ পৰা বৈ অহা বৰ্জিত পদাৰ্থই দীপৰ বিলৰ পানী ভয়াবহভাবে প্ৰদূষিত কৰি আহিছে। আনকি বিগত কেইটামান দিনত দীপৰ বিলৰ পানীৰ বৰণ সেউজীয়া হৈ পৰা পৰিলক্ষিত হৈছে। দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, সংবৰ্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে মাত মাতি অহা দীপৰ বিল সুৰক্ষা মঞ্চই বিলখনৰ পানী জনস্বাস্থ্যৰ দিশৰ প্ৰতি গুৰুতৰ ভাবুকি সৃষ্টি কৰি অহা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণ, কাৰ্যকৰী সভাপতি গোলক দাস (২), সাধাৰণ সম্পাদক প্ৰমোদ কলিতা, সহকাৰী সাধাৰণ সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে ২০২১ চনৰ আগষ্ট মাহত গুৱাহাটী পৌৰ নিগমে পশ্চিম বৰাগাওঁৰ বেলৰতলত হাউছফেডৰ প্ৰায় ৬০ বিঘা মাটিত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰা আৰু পামহী কেনেলৰে গুৱাহাটীৰ দূষিত পানীভাগ দীপৰ বিলত পেলাই বিলখনত সৃষ্টি কৰা ভয়াবহ প্ৰদূষণৰ বিৰুদ্ধে মঞ্চই জন্মলগ্নৰে পৰা মাত মাতি আহিছে। দীপৰ বিলৰ সংৰক্ষণ, সংবৰ্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকেও মঞ্চই মাত মাতি আহিছে।
ইতিমধ্যেই গুৱাহাটী উচ্চ ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও দীপৰ বিলৰ পানী ভয়াবহভাৱে প্ৰদূষণ হোৱা বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। মঞ্চই সদায় দীপৰ বিলৰ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ থকাটো বিচাৰে। কিন্ত পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰি গুৱাহাটী পৌৰ নিগমে বেলৰতলত পামহী কেনেলৰ দাঁতিত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড আৰু পামহী কেনেলৰে অহৰহ ভাবে বৈ অহা দূষিত পানীভাগে বিলখনক অস্তিত্বৰ সংকটলৈ ঠেলি দিছে। যাৰ বাবে পূৰ্বৰ দৰে নহা হৈছে দেশী – বিদেশী পৰিভ্ৰমী চৰাই। মৰি গৈছে সকলো ধৰণৰ জলজ উদ্ভিদ। বিলুপ্তি হৈছে বহু থলুৱা প্ৰজাতিৰ মাছ, কাছ। ভয়াবহ ভাবে পানী দূষিত হোৱাৰ বাবে আগৰ দৰে দীপৰ বিলৰ পানীত নামি জলকেলি নকৰে বনৰীয়া হাতীয়ে। সমান্তৰালভাৱে পৰ্যটনৰ সম্ভাৱনীয়তা সমূহক বিকশিত কৰি তাক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰে জীৱন জীৱিকাৰ থলীলৈ গঢ় দিবৰ বাবে চৰকাৰী – বেচৰকাৰীভাবে গ্ৰহণ কৰা প্ৰচেষ্টাও বিলৰ পানীভাগ প্ৰদূষিত হৈ পৰা বাবে সেই প্ৰচেষ্টাত বাধা আহি পৰিছে বুলি মঞ্চই আক্ষেপ প্ৰকাশ কৰিছে। যাৰ বাবে বিলখনৰ প্ৰাকৃতিক ভাৰসাম্য ধ্বংস হোৱা সকলো কাৰ্য বন্ধ কৰিবৰ বাবে মঞ্চই মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।