উত্তৰ পূব সীমান্ত ৰেলৱেৰ অন্যতম ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এমম্পইজ ইউনিয়নে বিগত সম়য়চোৱাত নতুন পেন্সন নীতি বাতিল কৰা আৰু পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে। আনহাতে এই দাবীৰ সমৰ্থনত পূৰ্বতে কৰা ঘোষণা অনুসৰি সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন নেচনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনছৰ (এন এফ আই আৰ) আহ্বান মৰ্মে এম্পলইজ ইউনিয়নে ৮ জানুৱাৰীৰ পৰা আৰম্ভ কৰা ৭৫ ঘণ্টাযোৰা ধাৰাবাহিক অনশনৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে। ইউনিয়নৰ প্ৰচাৰ কোষৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ চৌহদৰ লগতে পাঁচটা মাণ্ডলিক কাৰ্যালয়ত অনশনৰ কাৰ্যসূচী পালন কৰা হয় । চাৰিদিনীয়া অনশনৰ কাৰ্যসূচীত ভাগ লোৱা হাজাৰ হাজাৰ শ্ৰমিক – কৰ্মচাৰীয়ে কেন্দ্ৰীয় চৰকাৰ হায় হায়, ন’ অ পি এছ ন’ ৰেষ্ট্, এন পি এছ বাতিল কৰিবই লাগিব ধ্বনি দি আকাশ – বতাহ মুখৰিত কৰি তোলে।
আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত বৃহস্পতিবাৰে দুপৰীয়া অনশনৰ সামৰণি অনুষ্ঠানত ভাগ লৈ বিশিষ্ট সাংবাদিক অাৰু প্ৰতিদিন টাইম চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ভাগ লৈ চমু ভাষণত এই শীতক নেওচিও অনশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা শ্ৰমিক – কৰ্মচাৰী সকলৰ দাবীৰ প্ৰতি সমৰ্থন কৰি চৰকাৰক শ্ৰমিক – কৰ্মচাৰী সকলক তেওঁলোকৰ প্ৰাপ্য পেন্সনৰ পৰা বঞ্চিত নকৰিবলৈ আহ্বান জনায়। তেনেদৰে এন এফ আই আৰৰ যুটীয়া সাধাৰণ সম্পাদক আৰু এন এফ ৰেলৱে এমম্পইজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া, কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, যুটীয়া সাধাৰণ সম্পাদক দিগন্ত বৰুৱাকে ধৰি কেবাজনো কেন্দ্ৰীয় নেতাই ভাগ লৈ যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহাল ৰাখিব বুলি ঘোষণা নকৰে তেতিয়ালৈকে এই আন্দোলনৰ কাৰ্যসূচী চলি থাকিব বুলি ঘোষণা কৰে। আনকি নেতা সকলে পৰৱৰ্তী সময়ত দৰকাৰ হলে অান আন গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী পালন হব বুলিও ঘোষণা কৰে ।