মহানগৰীৰ পশ্চিম প্ৰান্তৰ বাট-পথকে ধৰি বিভিন্ন সমস্যাৰ সমাধানৰ বাবে চৰকাৰে লোৱা আঁচনি সমূহে ৰাইজৰ বহুদিনীয়া অভাৱ সমূহ পূৰণ কৰিবলৈ সক্ষম হৈছে। এনে আঁচনি যাতে সঠিকভাৱে ৰূপায়ন কৰা হয় তেনে ক্ষেত্ৰত চৰকাৰী আঁচনি সমূহ ৰূপায়ণৰ সময়ত ৰাইজে সততে নজৰ ৰাখিব লাগে বুলি পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই উল্লেখ কৰে। অলপতে আজাৰাৰ বৰবৰিস্থিত মিনি ষ্টেডিয়াম চৌহদত পঞ্চদশ বিত্তীয় আয়োগৰ ২০২২-২৩ বৰ্ষৰ ( ১ম কিস্তি) ৮,৩০,০০০ টকাৰ অনুদানেৰে নিৰ্মিত ৰাজহুৱা সাংস্কৃতিক মঞ্চ উদ্বোধন কৰি বিধায়ক কলিতাই শেহতীয়াকৈ ২০২৪-২৫ ৰ অসম চৰকাৰৰ বাজেটত দীপৰ বিলৰ উন্নয়নৰ বাবে ১০০ কোটি টকা ধাৰ্য কৰাত বিলটোৰ উন্নয়নৰ লগতে সমগ্ৰ অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়নৰ পথ মুকলি হ’ব বুলি আশা প্ৰকাশ কৰে। ভাষণ প্ৰসংগত তেওঁ দীপৰ বিলৰ উন্নয়নে চৌপাশৰ ৰাইজকে উপকৃত কৰাই নহয় ৰাজ্যৰ পৰ্যটন উদ্যোগৰো যথেষ্ট উন্নতি হ’ব বুলি কয়।
উদ্বোধনী অনুষ্ঠান উপলক্ষে আয়োজিত তথা সমাজকৰ্মী মুকুন্দ দাসে আঁতধৰা অনুষ্ঠানত আজাৰা গাঁও পঞ্চায়তৰ সচিব মৃদুল দাস, গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কবিতা বৰো ৰংপি, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন, ৰাণী উন্নয়ন খণ্ডৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অনুসন্ধান আৰু তদাৰকী সমিতিৰ সদস্য সুভাষ শৰ্মা, কাঁহিকুছি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি জগন্নাথ ঠাকুৰীয়াকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।