ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য অভাৱনীয় হাৰত হ্ৰাস পাইছে। বিগত কেইমাহমানত ডলাৰৰ বিপৰীতে টকাৰ মূল্য অবিৰত ভাৱে হ্ৰাস পাইছে যদিও সোমবাৰে এই অৱমূল্যায়নে অভিলেখ ৰচনা কৰে। সোমবাৰৰ দিনটোৰ ভিতৰত ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৫০ পইচাৰ অৱমূল্যায়ন ঘটে।
মুদ্ৰা বজাৰত দিনটোৰ এটা সময়ত প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৭৭.৫৮ টকালৈ হ্ৰাস পাই যদিও বিয়লিলৈ এই মূস্য ৭৭.৫০ টকাত সুস্থিৰ হয়।