ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে শিৱসাগৰ জিলাতো জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ অব্যাহত আছে। জাপানীজ এনকেফেলাইটিছত জিলাখনত বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা দুগৰাকী লৈ বৃদ্ধি পাইছে।
যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ে সদৰি কৰা অনুসৰি, শিৱসাগৰ কালুগাঁৱৰ ৰুমেনা বেগম (৪৫) নামৰ মহিলাগৰাকী জাপানীজ এনকেফেলাইটিছত মৃত্যু হৈছে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় মহিলাগৰাকী। ইয়াৰ পূৰ্বে আমগুৰিৰ এগৰাকী ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল জাপানীজ এনকেফেলাইটিছত। লক্ষ্যণীয় যে জিলাখনত জাপানীজ এনকেফেলাইটিছ আৰু এনেকেফেলাইটিছ সদৃশ ৰোগত এই পৰ্যন্ত মুঠ ৩৫ গৰাকী আক্ৰান্ত হৈছে।
উল্লেখ্য যে, অতি কমদিনৰ ভিতৰতে জিলাখনৰ খেলুৱাত এগৰাকী, গেলেকীত ৩ গৰাকী, ডিমৌ স্বাস্থ্য খণ্ডৰ এলেকাত ৫ গৰাকী, ম’ৰাবজাৰত ৩ গৰাকী আৰু কালুগাঁও অঞ্চলত ২ গৰাকী লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হয়। আনহাতে, এনকেফেলাইটিছ সদৃশ তথা এনকেফেলাইটিছ লক্ষণযুক্ত ৰোগত জিলাখনৰ খেলুৱাত এগৰাকী, গেলেকী অঞ্চলত ৫ গৰাকী, ডিমৌ এলেকাত ৪ গৰাকী, ম’ৰাবজাৰত ১ গৰাকী আৰু কালুগাঁও অঞ্চলত ৪ গৰাকী লোক আক্ৰান্ত হয়।