সৰ্বশক্তিমান চীন! শক্তিশালী হোৱাৰ বাসনাই খেদি ফুৰিছে চীনক। বিভিন্ন সময়ত ন ন সৃষ্টিৰে এই কথাই প্ৰমাণ দি আহিছে ৰঙা চীনে। শেহতীয়াকৈ পুনৰ তেনে এক উদ্ভাৱনে চীনে সমগ্ৰ বিশ্বকে অবাক কৰি তুলিছে। এইবাৰ চীনে বহুদিনৰে পৰা কাম কৰি অহা কৃত্ৰিম সূৰ্যৰ সফলৰ পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ চীনে এই কৃত্ৰিম সূৰ্যটোৰ সফলৰ পৰীক্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰকৃত সূৰ্যতকৈ প্ৰায় ৫গুণ বেছি তাপমাত্ৰাৰ অধিকাৰী এই কৃত্ৰিম সূৰ্যটো। চীনে এই কৃত্ৰিম সূৰ্যটো প্ৰায় ২০মিনিট ধৰি উজ্বলাই ৰাখি পৰীক্ষণ সম্পন্ন কৰিছে। চীন এই প্ৰজেক্টৰ কাম আৰম্ভ হৈছিল ২০০৬চনতে।
খবৰ অনুসৰি, এই কৃত্ৰিম সূৰ্যটো ১৭মিনিট ৩৬চেকেণ্ড ধৰি ৭০মিলিয়ন ডিগ্ৰী তাপমাত্ৰাত পৰীক্ষণ সম্পন্ন হৈছে। এই কৃত্ৰিম সূৰ্যটোৰ তাপমাত্ৰা ১৫মিলিয়নতকৈ অধিক। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায় ১৫বছৰো অধিক কাল আৰু হাজাৰৰো অধিক চীন তথা আন বিদেশী ৰাষ্ট্ৰৰ বৈজ্ঞানিকসকল ব্যস্ত আছিল কৃত্ৰিম সূৰ্য নিৰ্মাণ প্ৰজেক্টত।