• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পথত উদঙীয়া গৰুৰ বিচৰণৰ বিৰুদ্ধে চৰাইদেউ জিলা প্ৰশাসনৰ কঠোৰ স্থিতি

নিউজ ডেস্ক by নিউজ ডেস্ক
July 5, 2022
in সংবাদ, অসম
1 min read
0
পথত উদঙীয়া গৰুৰ বিচৰণৰ বিৰুদ্ধে চৰাইদেউ জিলা প্ৰশাসনৰ কঠোৰ স্থিতি
Share on FacebookShare on Twitter

চৰাইদেউ জিলাৰ অন্তৰ্গত ৰাষ্ট্রীয় ঘাইপথ, ৰাজ্যিক ঘাইপথ আৰু অন্যান্য বাট-পথ সমূহত গৰাকীবিহীনভাৱে অবাধে গৰু বিচৰণ কৰাৰ ফলশ্ৰুতিত হ’ব পৰা সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে তথা এই সমস্যাৰ ফলপ্ৰসূ সমাধান বিচৰাৰ উদ্দেশ্যে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সংশ্লিষ্ট বিভাগসমূহৰ সৈতে আলোচনামৰ্মে ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ কাষৰ পঞ্চায়ত সমূহত একোটাকৈ পাউণ্ড খুলি ৰাস্তাত চৰি থকা গৰুসমূহ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হয় যাতে পৰৱৰ্তী পৰ্যায়ত এই গৰুসমূহ নিলাম কৰাৰ ব্যৱস্থা কৰিব পাৰি। উপায়ুক্ত গৰাকীয়ে পশুপালন বিভাগৰ সৈতে মিলি পঞ্চায়ত সমূহক ৰাস্তাত চৰি থকা গৰুসমূহৰ গৰাকীসকলক চিনাক্তকৰণ কৰিবলৈ কয়।

উল্লেখ্য যে, সোণাৰি আৰু মৰাণ পৌৰসভাৰ পৌৰপতি দুয়োগৰাকীয়ে নিজ নিজ পৌৰসভা এলেকাত বিষয়ে ৰাজহুৱা ঘোষণা কৰোৱাৰ ব্যৱস্থা কৰিব, যাতে গৰুৰ গৰাকীসকলে অতি সোনকালে নিজ নিজ গৰু নিজৰ জিম্মাত লয়, অন্যথা তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ লগতে গৰাকীসকলে জৰিমনাও ভৰিব লাগিব। জিলা প্ৰশাসনে জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত গৰুৰ বিচৰণৰ বিৰুদ্ধে ৰাজহুৱা ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, পথত গৰুৰ বিচৰণৰ বিৰুদ্ধে চৰাইদেউ জিলা প্ৰশাসনে জিলা আৰক্ষী বিভাগ, পৌৰসভা, পৰিবহন বিভাগ আৰু জিলা পশুপালন বিভাগৰ সহযোগত জিলাখনত সোনকালে এক বিশেষ অভিযান আৰম্ভ কৰিব। এই অভিযানত নিশা ৰাস্তাত বিচৰণ কৰা গৰুসমূহক ট্ৰাকত উঠাই নাজিৰা বা যোৰহাটৰ গৌশালাত আলোচনামৰ্মে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিব। মঙলবাৰৰ বৈঠকত অতিৰিক্ত উপায়ুক্ত দ্বয় জাবেদ আৰমান আৰু অভিজিত গগৈ, অতিৰিক্ত আৰক্ষী অধীক্ষক সবিতা দাস, সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, জিলা পৰিবহন বিষয়া ৰাজীৱ চন্দ্ৰ বৰদলৈ আৰু মহকুমা পশুপালন তথা পশু চিকিৎসা বিষয়া প্ৰণৱজ্যোতি বড়া উপস্থিত থাকে।

Previous Post

আজি অসমত উপস্থিত হ’বহি NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মূ

Next Post

বানৰ পিছত নগাঁৱত জাপানীজ এনকেফেলাইটিজৰ আতংক!

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
বানৰ পিছত নগাঁৱত জাপানীজ এনকেফেলাইটিজৰ আতংক!

বানৰ পিছত নগাঁৱত জাপানীজ এনকেফেলাইটিজৰ আতংক!

মাৰ্ঘেৰিটা-দেউমালী পথত ড্ৰাগছ, মটৰচাইকেল সহ যুৱক আটক

মাৰ্ঘেৰিটা-দেউমালী পথত ড্ৰাগছ, মটৰচাইকেল সহ যুৱক আটক

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8