মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি আৰু পলাশবাৰীৰ মাজত প্ৰায় তিনি হাজাৰ কোটি টকা ব্যয়েৰে এখন তিনিলেনযুক্ত দলং নিৰ্মাণ কৰা হব বুলি ইতিমধ্যে ঘোষণা কৰিছে। আনহাতে যাতায়তৰ ক্ষেত্ৰখনক নতুন মাত্ৰা দিয়াৰ লক্ষৰে সেই দলঙৰ সৈতে সংযোগ কৰাৰ বাবে উত্তৰপাৰৰ শুৱালকুচি আৰু দক্ষিণপাৰৰ পলাশবাৰী অঞ্চলত কেবাটাও নতুনকৈ পথ নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে লোকনির্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ববাহী অভিযন্তাক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে, অসম চৰকাৰৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰা অনুসৰি শুৱালকুচি আৰু পলাশবাৰীৰ মাজত দলং নিৰ্মাণৰ উপৰি সংযোগী পথ সমূহ নিৰ্মাণ, যাৱতীয় প্ৰাক কলন আদি প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰৰ লোকনির্মাণ বিভাগৰ বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্প (Externally Added Project) বা চমুকৈ ই এ পিৰ ব্ৰহ্মপুত্ৰ সংমণ্ডলক দিয়া হৈছে।
ইতিমধ্যে ব্ৰহ্মপুত্ৰ সংমণ্ডলে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত ছয়লেনযুক্ত দলং নিৰ্মাণ কৰি আছে। আনহাতে শুৱালকুচি আৰু পলাশবাৰী দলং নিৰ্মাণৰ আগতেই যাতে দলং সংযোগী পথসমূহ নিৰ্মাণ কৰা হয় তাৰ ওপৰত ই এ পিৰ ব্ৰহ্মপুত্ৰ সংমণ্ডলে বিভাগীয় নিৰ্দেশনা অনুসৰি গুৰুত্ব দিছে। সেই অনুসৰি পলাশবাৰীৰ সমীপত যত দক্ষিণপাৰৰ অংশত শুৱালকুচি সংযোগী দলংখন সংযোজিত হবলগীয়া মাজিৰগাঁওৰ হৰিহৰ আশ্ৰমৰ সন্মুখৰ পৰা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ কিছু নিলগৰ বৰকুছিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ নতুনকৈ এটা প্ৰায় ১৩ কিঃমিঃ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছে। যাতে বৰঝাৰ বিমান বন্দৰকে ধৰি দক্ষিণ পাৰৰ সকলো অংশলৈ শুৱালকুচিৰ দিশৰ পৰা যাতায়ত ব্যৱস্থা ক্ষিপ্ৰতৰ হয়।
ইতিমধ্যে ই এ পিৰ মুখ্য অভিযন্তা পৱন টেৰণৰ নেতৃত্বত অধীক্ষক অভিযন্তা ভুদেৱ শৰ্মা, ব্ৰহ্মপুত্ৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ডিম্বেশ্বৰ কামান, সহকাৰী অভিযন্তাদ্বয় গৌতম কাকতি আৰু সমীয়া দাশগুপ্তকে ধৰি কেইবাজনো অভিযন্তাই প্ৰস্তাৱিত পথচোৱাৰ জৰীপ কার্য প্ৰায় চূড়ান্ত কৰা বুলি জানিব পৰা গৈছে। আনকি পথছোৱাৰ কনছালটেণ্টৰ দায়িত্ব লাভ কৰা নতুন দিল্লীৰ ইছমেক ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱেও জৰীপ কার্য চলাই বিভাগক পথ নিৰ্মাণৰ বাবে সেউজ সংকেত দিছে। জানিব পৰা মতে, যিটো ফালেৰে পথছোৱা নিৰ্মাণ কৰা হব তাৰ বেছিভাগই দ, পিটনি আৰু বহু বছৰ ধৰি কোনো ধৰণৰ কৃষি বা খেতি নোহোৱা মাটি। যাৰ বাবে পথচোৱা নিৰ্মাণ হলে যাতায়তৰ ক্ষেত্ৰখনত যুগান্তকাৰী পৰিৱৰ্তন অহাৰ লগতে বিকল্প জীৱিকা নিৰ্বাহৰ পথ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি বৃহত্তৰ অঞ্চলটোৰ সাধাৰণ ৰাইজে পথ নিৰ্মাণৰ ঘোষণাক আদৰণি জনাইছে।
উল্লেখযোগ্য যে, পথচোৱা পশ্চিম গুৱাহাটী আৰু পলাশবাৰী সমষ্টিৰ মাজেৰে যাব বাবে দুয়োটা সমষ্টিৰ বিধায়ক ক্ৰমে ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু হেমাংগ ঠাকুৰীয়ো শুৱালকুচি – পলাশবাৰী দলঙকে ধৰি সংযোগী পথ সমূহ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে । তাৎপৰ্যপূৰ্ণ ভাবে ৰাইজে কোনো ধৰণৰ দাবী নকৰাকৈ এটা চাৰিলেনযুক্ত পথ নিৰ্মাণৰ সিদ্ধান্তক ৰাইজে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰৰ এক মহান উপহাৰ বুলিয়ে গণ্য কৰা বুলি সচেতন লোক সকলে সদৰি কৰিছে ।