থাৰ্ড থিয়েটাৰৰ উদ্যোগত আৰু সংগীত নাটক একাডেমীৰ সহযোগত যোৱা ৩ জুলাইৰ পৰা ১৭ জুলাইলৈ এখনি নাট আৰু নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালা অনুষ্ঠিত হয় , ইয়াৰ অন্তত ১৮ জুলাই তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৪৫ টি কণমানিক লৈ অতি সফলতাৰে হেমন্ত ৰাজকোঁৱৰৰ ৰচনা আৰু পৰিচালনাৰে “বেহু” আৰু ৰাজকুমাৰ চুতীয়াৰ ৰচনা আৰু নৱদীপ দত্তৰ পৰিচালনাৰে জিলমিল সপোন” নামৰ নাট দুখনি মঞ্চস্থ হয়। আৰ জে সুজিতাই আতঁ ধৰা উক্ত অনুষ্ঠানটি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড. অৰূপ কুমাৰ মিশ্ৰ, জনপ্ৰিয় অভিনয় শিল্পী চেতনা দাস, বিশিষ্ট কবি নীলিম কুমাৰ, সৌন্দৰ্য্য বিশেষজ্ঞা ভানু শৰ্মা, বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালান আৰু থাৰ্ড থিয়েটাৰৰ সভাপতি ক্ষীৰোদ নাথ দাসে। কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে সত্ৰীয়া নৃত্য শিল্পী জলী মণি শইকীয়া, অভিনয় শিল্পী হেমন্ত ৰাজকোঁৱৰ, গুপ্ত ৰঞ্জন গগৈ, নৱদীপ দত্ত, বনলতা বৈশ্য আৰু ৰুজী মুদৈ।
অনুষ্ঠানটিৰ সামগ্ৰিক পৰিকল্পনা, পৰিচালনা আৰু মূখ্য প্ৰশিক্ষক হিচাপে আছিল মূকাভিনয় শিল্পী বিজিত কুমাৰ দাস। কণমানিসকলৰ সুন্দৰ অভিনয়ৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি অতি সফলতাৰে সামৰণি পৰা এই অনুষ্ঠানটিৰ শেষত প্ৰতিজন ছাত্ৰ ছাত্ৰীক মানপত্ৰ প্ৰদান কৰাৰ উপৰিও সকলোকে একোটিকৈ গছপুলিও বিতৰন কৰা হয়। এই সুন্দৰ পদক্ষেপৰ অংশ হয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড অসম , ডি পাৰলৰিক, জে বিজ, প্ৰজাপতি অসমীয়া গহনা, জ’ভিজ ক্ৰিয়েচন আৰু সেৱা। উল্লেখযোগ্য যে থাৰ্ড থিয়েটাৰে ২০১২ চনৰ পৰাই থাৰ্ড থিয়েটাৰে অভিনয় , মূকাভিনয়,সত্ৰীয়া নৃত্য, গীত, আবৃত্তি বিষয়ত ব্যৱহাৰিক শিক্ষা প্ৰদান কৰি আহিছে আৰু এই বৰ্ষত ৩ গৰাকী ছাত্ৰীয়ে মূকাভিনয় বিষয়ত ৰাষ্ট্ৰীয় জলপানি লাভ কৰি গৌৰৱান্বিত কৰিছে । প্ৰেক্ষাগৃহত উপস্থিত সমূহ ৰাইজে থাৰ্ড থিয়েটাৰৰ এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰে।