অহা ২৩ জুনৰ পৰা নৰ্থ-ইষ্ট পেক্ট LPG ট্ৰান্সপ’ৰ্টাৰ এছ’চিয়েচনে পালন কৰিব ধৰ্মঘট। থলুৱাক বঞ্চিত কৰি বহিৰাগতক কামৰ নিবিদা দিয়াৰ বাবেই তেওঁলোকে হাতত লৈছে প্ৰতিবাদী কাৰ্যসূচী।কাৰ্যসূচীৰ অংশ হিচাপে ২৩ জুনৰ পৰা উত্তৰ গুৱাহাটী, মিৰ্জা, দুলীয়াজান, শিলচৰ, গোপানাৰী, ডিমাপুৰ, বঙাইগাঁও, চেকমাই বটলিং প্লাণ্টট অব্যাহত থাকিব ধৰ্মঘট।
ইয়াৰ ফলত বন্ধ হৈ পৰিব ৰন্ধন গেছ প্ৰকল্পৰ পৰা সকলো পৰিৱহণ।
নিশ্চিতভাৱে এই প্ৰতিবাদী কাৰ্যসূচীৰ কুফল ভুগিব লাগিব ৰাজ্যবাসীয়ে।কাল ক’ৰ’নাই জনজীৱন ভয়াবহভাৱে প্ৰভাৱিত কৰাৰ সময়তে এতিয়া নৰ্থ-ইষ্ট পেক্ট LPG ট্ৰান্সপ’ৰ্টাৰ এছ’চিয়েচনৰ এই প্ৰতিবাদী কাৰ্যসূচীয়ে সাধাৰণ লোকক ৰন্ধন গেছৰ নাটনিৰ সমস্যাৰ সৈতেও মুখামুখি কৰোৱাৰ শংকা প্ৰবল।