যোৱা সোমবাৰৰ পৰা ৰাজ্যজুৰি অব্যাহত থকা প্ৰৱল বৃষ্টিপাতৰ ফলত ৰাজ্যৰ নদ-নদী সমূহ উপচি পৰিছে। অসমৰ উপৰিও চুবুৰীয়া মেঘালয়, অৰুণাচল আদিতো প্ৰৱল বৃষ্টিপাত হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য কেইখনৰ পৰা বৈ অহা নৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে অসমৰ বিভিন্ন জিলাত বানপানীৰ সৃষ্টি হৈছে।
ইয়াৰ ফলত স্বাভাৱিকতেই ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ভয়াৱহ ভাবে বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ১৯ ছেণ্টিমিটাৰলৈ বৃদ্ধি হৈছে। তথ্য অনুসৰি আজি ব্রহ্মপুত্রৰ জলপৃষ্ঠ হৈছে ৪৮.৬১ ছেণ্টিমিটাৰ বৃদ্ধি হৈছে। ভৰলু নৈৰ Upstream জলপৃষ্ঠ হৈছে ৪৮.৯০ ছেণ্টিমিটাৰ আৰু Downstreamৰ জলপৃষ্ঠ ৪৮.৮০ ছেণ্টিমিটাৰ।