বাক্সাৰ লাৱদাংগুৰী পথাৰত পুনৰ বন্যহস্তীৰ তাণ্ডৱ। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বন্যহস্তীয়ে মঙলবাৰে নিশা অঞ্চলটোত প্ৰৱেশ কৰি চাৰিটাকৈ বাসগৃহ ভাঙি তহিলং কৰে।
ইপিনে বন্যহস্তীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা কৰি পলাবলৈ সক্ষম হয় পৰিয়ালৰ ৪জনকৈ লোক। ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় BTRৰ কাৰ্যবাহী সদস্য গৌতম দাস।
লগতে ক্ষতিগ্ৰস্ত পৰিয়ালকেইটাক আৰ্থিক সাহায্যও প্ৰদান কৰে গৌতম দাসে। স্থানীয় ৰাইজৰ সন্মুখতে উৰ্ধতন বন কৰ্তৃপক্ষৰ সৈতে ফোনত কথা পাতি শীঘ্ৰেই এই সমস্যাৰ স্থায়ী সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে দাসে।