• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

দীপৰ বিলৰ পাৰৰ সৰিয়হৰ হালধীয়া দলিচাই আকৰ্ষণ কৰিছে সকলোকে

নিউজ ডেস্ক by নিউজ ডেস্ক
January 13, 2023
in সংবাদ, অসম, গুৱাহাটী
1 min read
0
দীপৰ বিলৰ পাৰৰ সৰিয়হৰ হালধীয়া দলিচাই আকৰ্ষণ কৰিছে সকলোকে
Share on FacebookShare on Twitter

গুৱাহাটীৰ কাষৰীয়া দীপৰ বিলৰ পাৰত বিগত প্ৰায় ২০ বছৰৰো অধিক দিন ধৰি প্ৰদূষণ, পলিথিন, প্লাষ্টিক, বনৰীয়া হাতীৰ বিচৰণকে ধৰি বিভিন্ন কাৰণত খেতি নকৰা প্ৰায় ৫০ বিঘা ম্যাদি পট্টাৰ মাটিত এইবাৰ সৰিয়হৰ খেতিত ব্যস্ত হৈ পৰিছে মাটিৰ গৰাকী তথা বিলৰ গাতে লগা বৃহত্তৰ চকৰদৌ অঞ্চলৰ পাঁচজন যুৱক। তেওঁলোক হল ক্ৰমে – সুশীল টেৰণ, প্ৰমোদ কলিতা, পৰেশ কলিতা, পবন কলিতা ( বিৰাজ ) আৰু বলেন কলিতা। কোনো ধৰণৰ চৰকাৰী সহায় অবিহনে প্ৰথম বাৰৰ বাবে সমবায় ভিত্তিত এইবাৰ সৰিয়হৰ খেতি কৰিছে তেওঁলোকে মিলি। বিলৰ দাঁতিত প্ৰায় ৫০ বিঘা মাটি সামৰি কৰা সৰিয়হৰ খেতিৰ বীজ তেওঁলোকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি ক্ৰয় কৰিছে।

এজন সফল ব্যৱসায়ীৰ লগতে আদর্শবান যুৱ কৃষক হিচাপে পৰিচিত পামহীৰ সুশীল টেৰণে তেওঁৰ দুখন টেক্টৰৰে ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত তিনি- চাৰিদিন ধৰি হাল বাই বছৰ বছৰ ধৰি দীপৰ বিলৰ প্ৰদূষণৰ কৱলত আৰু প্লাষ্টিক, পলিথিন, সুৰাৰ বটল আদিৰে পৰিবেষ্টিত হৈ থকা মাটিখিনী খেতিৰ উপযোগী কৰি তোলা কাৰ্যত সহায় কৰি দিছে। ইফালে চালে চকুৰোৱাকৈ সৰিয়হবোৰ ফুলিবলৈ আৰম্ভ কৰিছে। লহপহকৈ বাঢ়ি অহা সৰিয়হৰ হালধীয়া ফুলে সুশোভিত কৰি তুলিছে দীপৰ বিলৰ চৌপাশ। অৱশ্যে খেতিডৰাত পানীৰ অভাৱৰ বাবে আশা কৰা ধৰণে সৰিয়হ সমূহ ফুলি উঠা নাই বুলি খেতিত আগভাগ লোৱা সুশীল টেৰণ আৰু প্ৰমোদ কলিতাই জানিবলৈ দিছে।

তথাপিও তেওঁলোকে নিজৰ সৰিয়হৰ খেতিডৰাৰ ফচল ভাল হোৱাৰ আশাত কষ্ট কৰিও ভাগৰি পৰা নাই। কিয়নো এইবাৰ মিঠাতেলৰ গগনচুম্বী দামে বিশেষকৈ দুখীয়া, নিম্ন মধ্যবিত্ত পৰিয়ালক মাধমাৰ শোধাইছে। মিঠাতেলৰ এনে আকাশলংঘী দামৰ পৰা কিছু হ’লেও সকাহ পাবলৈ এইবাৰ তেওঁলোক সামর্থ্য অনুসৰি সৰিয়হৰ খেতি আৰম্ভ কৰিছে। সৰিয়হৰ খেতিৰ চাৰিওকাষে কৰিছে ৰঙালাওৰ খেতি। কিন্ত খেতিডৰা ঠন ধৰি উঠাৰ বাবে এজাক বৰষুণৰ আশাত বৰুণ দেৱতাক প্ৰাৰ্থনা কৰিব লগা হৈছে তেওঁলোকে। ইফালে এতিয়া সৰিয়হৰ হাধলীয়া ফুলৰ দলিচাৰ দৃষ্টিনন্দন আভাই সকলোকে আকৰ্ষিত কৰিছে যদিও খেতিডৰাৰ দাঁতিত বিগত কেইদিনত বনভোজ খাবলৈ অহা একাংশ লোকৰ উন্মাদ আচৰণৰ বাবে তেওঁলোক বহু পৰিমাণে শংকিত হৈ পৰিছে।

প্ৰমোদ কলিতা আৰু সুশীল টেৰণে সদৰি কৰা অনুসৰি বনভোজ খাবলৈ অহা একাংশ লোকে সুৰাপান কৰি সেই সুৰাৰ বটল ভাঙি খেতিৰ মাজলৈ দলিয়াই আসুৰীক তৃপ্তি লাভ কৰিছে। তেনেদৰে একাংশই আকৌ ভাত খোৱা ডিছপজেবল পাত, গিলাচ , বাতিকে ধৰি বনভোজ খাই ৰৈ যোৱা অৱশিষ্ট অংশসমূহ ৱেৰৰ ওপৰেৰে খেতিৰ ফালে দলিয়াই সমগ্ৰ পৰিবেশটোক বিনষ্ট কৰি পেলাইছে। এই কাৰ্যত আটাইকেইজন বহু হতাশ হৈ পৰিছে। অৱশ্যে এই হতাশাৰ মাজতো বছৰ বছৰ ধৰি পতিত হৈ থকা মাটিত এইবাৰ সৰিয়হৰ খেতিত নতুনকৈ তেওঁলোক নামি পৰাত আশাৰ ৰেঙনি দেখা গৈছে অঞ্চলটোৰ আন আন কৃষক সকলৰ মাজত। সৰিয়হৰ পাছত বাৰিষাৰ পূৰ্বে ভেণ্ডী খেতি কৰিব বুলি তেওঁলোকে জানিবলৈ দিছে।

Previous Post

উত্তৰ-পূব মাণ্ডলীক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

Next Post

গড়ল গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গড়ল গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

গড়ল গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত সমূহীয়া মৎস চিকাৰ

ওপজা দিনত পাণ্ডুত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক বিপুল সম্বৰ্ধনা

ওপজা দিনত পাণ্ডুত শ্ৰমিক নেতা মুনীন্দ্ৰ শইকীয়াক বিপুল সম্বৰ্ধনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8