গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাজহুৱা নামঘৰ – মন্দিৰ সমূহ একাংশ চোৰৰ সহজ টাৰ্গেট হৈ পৰা পৰিলক্ষিত হৈছে। চোৰে কালি মাজনিশাৰ পাছত জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত খানামূখস্থিত ঐতিহাসিক শ্ৰী শ্ৰী লক্ষ্মীমন্দিৰ, খানামুখ পশ্চিম জালুকবাৰী ৰাজহুৱা নামঘৰ আৰু খানামুখ আঞ্চলিক শ্ৰী শ্ৰী শিৱ মন্দিৰত লুটপাত চলাই তিনিওটা ধৰ্মীয় অনুষ্ঠানৰে প্ৰায় ডেৰ লক্ষাধিক টকা মূল্যৰ পূজাত ব্যৱহাৰ কৰা কাঁহ, পিতলৰ তাল আৰু তামৰ বাচন বৰ্তনসহ পূজাৰ সামগ্ৰী, দানপাত্ৰ আৰু প্ৰণামীৰ নগদ ধন লুট কৰি লৈ যায়।
এই সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ধৰ্মীয় অনুষ্ঠান কেইটাত এনে দৰে চোৰে লুট পাত চলোৱাত মৰ্মাহত হৈ পৰিছে স্থানীয় ৰাইজ । উল্লেখ্য যে বিগত বৰ্ষতো লক্ষ্মী মন্দিৰত চোৰে লুটপাট চলায় পূজাত ব্যৱহাৰ কৰা বহু মূল্যৱান সামগ্ৰী লুট কৰিছিল।