চাকৰিজীৱি ৮৫ শতাংশ মহিলা কৰ্মচাৰীৰ মতে লিংগ অসমতাৰ ফলতেই তেওঁলোকৰ দৰমহা বৃদ্ধই নহয়৷
এটা ব্যক্তিগত সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷
কোম্পানীবোৰে মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰায়েই পক্ষপাতিত্ব প্ৰদৰ্শন কৰে বুলি এই সমীক্ষাত বিভিন্ন গৰাকী মহিলাই মন্তব্য কৰিছে৷
বৰ্তমানে দেশত নাৰী শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা গৈছে যদিও কৰ্পৰেট খণ্ডত এতিয়াও বাহাল থকা এই লিংগ অসমতাই উদ্বেগৰ সৃষ্টি কৰাটো পৰিলক্ষিত হৈছে৷
photo: google