ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ হ’লেই বলবৎ হ’ব নাগৰিকত্ব সংশোধনী আইন- এই মন্তব্য কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ। চৰকাৰে এতিয়ালৈকে কা-ৰ বিধিসমূহ প্ৰস্তুত কৰিব পৰা নাই যদিও ক’ৰোনাৰ সংক্ৰমন অন্ত হলেই বলবৎ কৰা হ’ব কা।
অমিত শ্বাহে কয় যে, যেতিয়ালৈকে ক’ৰোনাৰ পৰা সম্পূ্ৰ্ণ পৰিত্ৰাণ পোৱা নাযায় তেতিয়ালৈকে কা-ক প্ৰাধান্য দিয়া নহয়। কিন্তু কা’ আইন গুৰুত্বপূৰ্ণ, আৰু ইয়াক বলৱৎ কৰাটো নিশ্চিত।
মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতেই ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে, অমিত শ্বাহে দিয়া মন্তব্যত কোনো নতুনত্ব নাই। কা- বিজেপিৰ এজেণ্ডা বুলি উল্লেখ কৰি শইকীয়াই কয় যে দুয়ো সদনতে বলপূৰ্বক ভাৱে গৃহীত কৰিছিল কা- আৰু তাৰ পাছতেই উচ্চতম ন্যায়লয়ত গোচৰ তৰিছিল কংগ্ৰেছে। কিন্তু সেই গোচৰৰ লগতে কেইবাটাও গোচৰ বিচাৰধীন হৈ আছে ন্যায়ালয়ত। যেতিয়ালৈকে ৰায় দান নহয় তেতিয়ালৈকে কংগ্ৰেছে অপেক্ষা কৰিব বুলিও শইকীয়াই কয়।