ৰাজ্যত ক’ভিড পৰিস্থিতি যথেষ্ট উন্নত হৈছে যদিও ১৫ খন জিলাত সংক্রমণ উদ্বেগজনক হৈ আছে৷ ৰাজ্য চৰকাৰে ইতিমধ্যে এই জিলাকেইখনক ৰে’ড জিলাৰ অন্তৰ্ভুক্ত কৰিছে৷ আনহাতে, চৰকাৰে সংক্রমণৰ হাৰৰ ভিত্তিত ইতিমধ্যে এই জিলাকেইখনৰ ২৪৭টা স্থানক হটস্পট ঘোষণা কৰিছে৷ এই হটস্পটসমূহৰপৰা সংক্রমণ আন ঠাইলৈ নহ’বৰ বাবে ইতিমধ্যে কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে৷ কালি চৰকাৰে ৰাজ্যত নতুন এছ অ’ পি জাৰি কৰিছে আৰু এই এছ অ’ পি ২৮ জুনৰ পৰা ৰাজ্যত কার্যকৰী হ’ব৷
ইফালে ডেল্টা ভেৰিয়েণ্টক লৈ বিশেষ চিন্তা কৰিবলগীয়া নাই বুলি ৰাজ্যবাসীক আশ্বাস দিছে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই৷ আজি তেওঁ অসমৰ ৭৭শতাংশ ৰোগীৰ শৰীৰত ডেল্টা ভেৰিয়েণ্ট পোৱা গৈছে যদিও সেয়া চিন্তাৰ বিষয় নহয় বুলি কয়৷ তেওঁ কয় যে, এক নির্ধাৰিত সময়ৰ ব্যৱধানত অসমত কৰা ক’ভিড পৰীক্ষাৰ আৰ টি পি চি আৰৰ নমুনা কলকাতাৰ এক পৰীক্ষাগাৰলৈ প্রেৰণ কৰা হয়৷ তাত ভেৰিয়েণ্টৰ পৰীক্ষা কৰা হয়৷ তেওঁ ৰাজ্যৰ স্বাস্থ্য খণ্ডটোক অধিক শক্তিশালী কৰিবৰ বাবে এই সপ্তাহৰ ভিতৰতে ১০০০গৰাকী নার্ছক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে৷
আজি জি এম চি এইচত নতুনকৈ নির্মাণ কৰি থকা আই চি ইউটোৰ কামৰ অগ্রগতিৰ বুজ ল’বলৈ যোৱা মন্ত্রীজনে কয় যে এই আই চি ইউ চিকিৎসক দিৱসৰ দিনা মুকলি কৰা হ’ব৷ চিকিৎসালয়খনত চিকিৎসক আৰু নার্ছৰ অভাৱ নহ’ব বুলি স্পষ্ট কৰি তেওঁ কয় যে ২০০খন বিছনাৰ এই আই চি ইউত ৪০জন চিকিৎসকে চিকিৎসা আগবঢ়াব৷ এই চিকিৎসালয়খন আৰম্ভ হ’লে ৩খন ক’ভিড হস্পিটেলত ক’ভিড চিকিৎসা সম্পূর্ণ বন্ধ ৰখা হ’ব বুলিও তেওঁ সদৰী কৰে৷ এই চিকিৎসালয় তিনিখন হ’ল জি এম চি এইচ, এম এম চি এইচ আৰু শিঙিমাৰী চিকিৎসালয়৷
ইফালে, ৰাজ্যত এতিয়াও ২৮ সহস্রাধিক লোক কৰ’নাত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে৷ কালি ৰাজ্যত নতুনকৈ ২৭৯৩জন লোক কৰ’নাত আক্রান্ত হয়৷ কালি দিনটোত ৰাজ্যত সংক্রমণৰ হাৰ আছিল ২.০১ শতাংশ৷ আনহাতে, কালি ৰাজ্যত কৰ’নাত আক্রান্ত হৈ ২৬জন লোকৰ মৃত্যু হৈছিল৷
আনহাতে, যোৱা ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ২৬৪০জন লোক কৰ’নাত আক্রান্ত হয়৷ এই সময়ছোৱাত সংক্রমণৰ হাৰ হ’ল ২.০৬ শতাংশ৷যোৱা ২৪ ঘণ্টাত ৰাজ্যত কৰ’নাত আক্রান্ত হৈ ৩৩জন লোকৰ মৃত্যু হয়৷
প্রণিধানযোগ্য যে যোৱা দহ দিনত কামৰূপ মহানগৰ জিলাক অতিক্রম কৰি শোণিতপুৰ, গোলাঘাট আৰু ডিব্রুগড় জিলাত সর্বাধিক লোক কৰ’নাত আক্রান্ত হয়৷
আনহাতে পৰিস্থিতি কিছু উন্নত হোৱা হেতুকে দক্ষিণ শালমাৰা, মানকাছৰ, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কার্বি আংলং, ডিমা হাছাও,চৰাইদেউ জিলাৰ লগতে কামৰূপ মহানগৰ আৰু হাইলাকান্দি জিলাতো বিয়লি ৪ বজালৈ দোকান-পোহাৰ আৰু কার্যালয় খোলা থাকিব আৰু সন্ধিয়া পাঁচ বজাৰ পৰা সান্ধ্য আইন চলিব৷
আনহাতে, মৰিগাঁও, বিশ্বনাথ, গোৱালপাৰা জিলা আৰু বোকাখাত মহকুমাত ২৪ ঘণ্টাই সান্ধ্য আইন বাহাল থাকিব৷ অৱশ্যে গেলামালৰ দোকান, ফলমূল আৰু দুগ্ধ তথা দুগ্ধজাত সামগ্রীৰ দোকান খোলা থাকিব৷ বাকী জিলাসমূহত দিনৰ ১ বজালৈ দোকান-পোহাৰ আৰু কার্যালয় খোলা থাকিব আৰু দিনৰ ২ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ’ব৷ আন্তঃজিলা যাতায়াত আৰু শিক্ষানুষ্ঠান পৰৱর্তী নির্দেশ নিদিয়ালৈ বন্ধ থাকিব৷ ইফালে দুটা ড’জ ভেকচিন লোৱাসকলৰ লগতে ভেকচিনৰ এটা ড’জ লোৱা চৰকাৰী চাকৰিয়ালসকলেও এতিয়াৰ পৰা কর্মস্থলীলৈ যাব লাগিব৷ অৱশ্যে পূর্বে মহিলা আৰু দিব্যাংগসকলৰ দৰে যিসকলক কর্মস্থলীলৈ যোৱাত বাধা দিয়া হৈছিল সেইসকলৰ বিধি বাহাল আছে৷ ইয়াৰ উপৰি ৰেস্তোৰাঁৰ ক্ষেত্রতো পূর্বে দিয়াৰ দৰেই বিধি বাহাল থাকিব৷