নগাঁও জিলাত আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে আৰক্ষী। কাৰন নগাঁৱত বৰ্তমান এজনো অতিৰিক্ত আৰক্ষী অধীক্ষক নাই। নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) ৰূপে কৰ্মৰত ধ্ৰুৱ বৰাক প্ৰায় তিনিমাহ পূৰ্বে অপৰাধ নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী অধীক্ষক পদলৈ বদলি কৰাৰ পিছৰ পৰাই এই পদত আন কোনো বিষয়াক নিযুক্তি দিয়া নাই অসম চৰকাৰৰ গৃহ বিভাগে।
একেদৰে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা)ৰ দায়িত্বত থকা নিৰূপম হাজৰিকাকো এমাহ পূৰ্বে দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) পদলৈ বদলি কৰাৰ পিছৰে পৰা এই পদো খালী হৈ আছে। আনহাতে, নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত)ৰ দায়িত্বত থকা মানস শইকীয়াকো মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰাৰ পিছত সেই পদতো কাকো নিযুক্তি দিয়া ন’হল।
ইপিনে, বিশেষ শাখাৰ উপ–আৰক্ষী অধীক্ষক পদতো দিপ্তী মালিৰ বদলিৰ পিছত কোনো বিষয়াকে নিযুক্তি দিয়া হোৱা নাই। এইসমূহৰ উপৰিও নগাঁৱৰ অধিকাংশ আৰক্ষী থানাতে নাই পৰ্য্যাপ্ত পৰিমাণে আৰক্ষী বিষয়া। ফলশ্ৰুতিত নগাঁৱৰ বৰ্ধিত অপৰাধ নিয়ন্ত্ৰনৰ ক্ষেত্ৰত আৰক্ষী অধীক্ষক গৰাকী ব্যাপক সমস্যাৰ সন্মুখীন হৈছে।