অহা ২৪ ঘন্টাৰ ভিতৰত অসমকে ধৰি চাৰিখন ৰাজ্য সাগৰীয় ধুমুহাৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ প্ৰৱল সম্ভাৱনা আছে। বংগোপসাগৰত হোৱা সাগৰীয় ঘূৰ্ণী বতাহৰ বাবে ওড়িষ্যা, অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
এই সাগৰীয় ধুমুহাৰ নাম দিয়া হৈছে অছানি। শ্ৰীলংকাৰ সিংহালী ভাষাত অছানিৰ অৰ্থ হৈছে ক্ৰোধ। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে মঙলবাৰৰ বিয়লিৰ পৰা বৰষুণ আৰম্ভ হ’ব আৰু ৩ খন ৰাজ্যৰ উপকূলীয় এলেকাসমূহত ইতিমধ্যে সতৰ্কীকৰণ জাৰি কৰিছে প্ৰশাসনে। বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বুধবাৰে অন্ধ্ৰপ্ৰদেশ আৰু পশ্চিম বংগৰ লগতে অসমতো বৰষুণ হ’ব। ঘন্টাত প্ৰায় ১০৫ কিলোমিটাৰ বেগত ভাৰতত খুন্দা মাৰিব আছিনাই আৰু ইয়াৰ তীব্ৰতা ১১৫ কিলোমিটাৰ প্ৰতি ঘন্টা পৰ্যন্ত হ’ব পাৰে।