গুৱাহাটী, ১০ জুলাই: দিল্লীত অনুষ্ঠিত অসম-মিজোৰাম সীমান্ত সমস্যাৰ ওপৰত হোৱা বৈঠকত অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই কয়, ৰাজ্যখনৰ সীমা আৰু অখণ্ডতাৰ সৈতে অসমবাসীয়ে কেতিয়াও আপোচ নকৰে। লগতে দিল্লীত অনুষ্ঠিত বৈঠকৰ অন্তত অসমৰ মুখ্য সচিবে কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
তেওঁ কয়, অসমে ইয়াৰ ভৌগোলিক সীমা আৰু অখণ্ডতাৰ সৈতে কেতিয়াও আপোচ নকৰে। মিজোৰামৰ অবৈধ উচ্ছেদকাৰীক অতি শীঘ্রে নিজ স্থানলৈ উভতাই পঠাবলৈ বিভিন্ন কাৰ্যপন্থা অৱলম্বন কৰা হ’ব। উক্ত বৈঠকৰ অন্তত অসম আৰু মিজোৰাম দুয়োপক্ষই একমতত উপনীত হয়, কিন্তু মিজোৰামে ইয়াৰ বাবে কিছু সময় বিচাৰে। উক্ত বৈঠকত অসমৰ মুখ্য সচিব বৰুৱাই লগতে কয়, অৰুণাচল আৰু নগালেণ্ডৰ ভিতৰত চলি থকা সীমান্ত সমস্যাৰ গোচৰটো বৰ্তমান উচ্চতম ন্যায়ালয়ৰ অধীনত থকা বুলি জানিব পৰা গৈছে।