ৰাজ্যত অব্যাহত ভেকচিন প্ৰদান কাৰ্যসূচী। শুকুৰবাৰে অসমত প্ৰথমবাৰৰ বাবে তৃতীয় লিংগৰ লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হয়।
গুৱাহাটীৰ হাতীগাঁৱৰ অশোক পথৰ তৃতীয় নিবাসত শুকুৰবাৰে প্ৰদান কৰা হয় এই ভেকচিন।
কামৰূপ মহানগৰৰ স্বাস্থ্য বিভাগৰ এটা বিশেষ দলে প্ৰদান কৰে সখী শ্বেল্টাৰ হোমত এই ভেকচিন।
মহানগৰীৰ প্ৰায় ৩০ গৰাকী তৃতীয় লিংগৰ লোকে লাভ কৰে এই ভেকচিন।
তৃতীয় লিংগৰ লোকসকলক চৰকাৰে সুকীয়াকৈ প্ৰদান কৰা এই ভেকচিন প্ৰদানক লৈ স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে চেণ্টাৰ হোমৰ আবাসীসকল।
Photo: Headline8