ৰাজ্যত দ্ৰুত গতিত বাঢ়িছে ক’ৰোণা। শুকুৰবাৰে ৰাজ্যত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ জৰিয়তে জনোৱা মতে, শুকুৰবাৰে ৰাজ্যত কোৰোণাত আক্ৰান্ত হৈছে ১১৬৭ গৰাকী লোক। সংখ্যাৰ ফালৰ পৰা কেৱল গুৱাহাটী মহানগৰীতে আক্ৰান্ত হৈছে ৫১৭গৰাকী লোক।
কোভিডৰ এনে দ্ৰুত সংক্ৰমণৰ সময়তে শুকুৰবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেতবোৰ নীতি নিয়মৰ সন্দৰ্ভত বিস্তৃত তথ্য আগবঢ়ায়।
১০ জানুৱাৰীৰ পৰা ৰাজ্যত বুষ্টাৰ ডোজ দিয়াৰ কাম আৰম্ভ হ’ব। প্ৰথম শাৰীৰ যুদ্ধা সকলে ১ ফ্ৰেব্ৰুৱাৰীৰ ভিতৰত প্ৰিকছনাৰী ভেকছিন ল’ব লাগিব। অন্যথা ফেব্ৰুৱাৰীত নাপাব পে’শ্লিপ। বৰ্তমান ৰাজ্য চৰকাৰৰ হাতত মজুত আছে প্ৰায় ৮০ লাখ ভেকছিন। ভেকছিন চলাই থকালৈকে নাৰ্ছসকলক মাহে অতিৰিক্ত ভাৱে পোন্ধৰ শ টকাকৈ দিয়া হ’ব ৷ আশাকৰ্মীসকলকো এক হাজাৰ টকাকৈ দিয়া হ’ব৷