অসমত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈছে।
ক’ৰোনা ভাইৰাছৰ দ্ৰুত সংক্ৰমণৰ বাবে সতর্কিত হৈছে জিলা সমূহ।
আজি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হ’ল মৰিগাঁও জিলাৰ তিনিটা অঞ্চল।
মৰিগাঁও জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে তিনিটা অঞ্চলক।
মৰিগাঁও জিলাৰ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা অঞ্চল তিনিটা হৈছে জাগীৰোডৰ নিজৰা পাৰ, মৰিগাঁৱৰ চৰাইবাহী অঞ্চল আৰু কিশোৰ ক্লাৱ এলেকা।
ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ মৰিগাঁও জিলা প্ৰশাসনৰ।
কণ্টেইনমেণ্ট জ’নৰ বাবে জাৰি কৰা সকলো নিয়ম পালন কৰিব লাগিব এই অঞ্চল তিনিটাই।
বৰ্তমানলৈ মৰিগাঁও জিলাত ১২২৩ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে।
লগতে ক’ৰোনাত আক্ৰান্ত ২জন লোকৰ হৈ মৃত্যু হৈছে।
Photo Credit: Google