হস্ততাঁত আৰু হস্তশিল্পীৰ উন্নয়নৰ হকে কাম কৰি অহা “অন্তৰণ”ৰ উদ্যোগত আৰু মিজুহো বেঙ্কৰ সমৰ্থিত চেণ্টাৰ ফৰ মাইক্ৰ’ফাইনেন্স এণ্ড লাইভলিহুডচ, গুৱাহাটী আৰু বিজয়ৱাহিনী চেৰিটেবল ফাউণ্ডেচন, ভেংকটগিৰিৰ দ্বাৰা ৰূপায়ণ কৰা টাটা ট্ৰাষ্টৰ সহযোগত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত থকা সত্যনাথ বৰা হলত আজিৰে পৰা আৰম্ভ হৈছে হস্ততাত আৰু হস্তশিল্পীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ বিক্ৰী আৰু প্ৰদৰ্শনী।
অন্তৰণ ট্ৰান্সফৰ্মিং ক্ৰাফ্টছৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত “অন্তৰণ শিল্পী প্ৰদৰ্শনী” শীৰ্ষক বিক্ৰী আৰু প্ৰদৰ্শনীখন বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰে চি এম এল, গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক সঞ্জয় সিঙে। অনুষ্ঠানত কামৰূপ জিলাৰ হস্ততাত শিল্পী আৰু উদ্যমী মহিলা ক্ৰমে – নিৰ্মালি কলিতা, দীপিকা কাকতি আৰু লীলা কলিতা, নলবাৰীৰ হস্ততাত আৰু উদ্যামী মহিলা মীৰা নাথ আৰু কবিতা নাথ, ওড়িশাৰ গোপালপুৰৰ প্ৰমোদ কুমাৰ সুৰ আৰু নাগালেণ্ডৰ মহেংগোলু লোহেকে ধৰি হস্ততাত খণ্ডৰ লগত জড়িত কেবাগৰাকী শিল্পী উপস্থিত থাকে।
উল্লেখ্য যে অন্তৰণ হৈছে টাটা ট্ৰাষ্টৰ কাৰুশিল্প-আধাৰিত জীৱিকা কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত বিক্ৰী আৰু প্ৰদৰ্শনীৰ মূল লক্ষ্য হৈছে প্ৰাকৃতিক আঁহ, হাতেৰে কটা সূতা আৰু প্ৰাকৃতিক ৰঙৰ দৰে হস্ততাঁত বস্ত্ৰৰ মূল শক্তি নিৰ্মাণ কৰি আৰু বহল বজাৰৰ বাবে এই নিৰ্বাচিত গোটবোৰত পৰম্পৰাগত বয়ন ডিজাইনবোৰ লগতে ৰুগীয়া হস্ততাঁত গোটবোৰৰ পুনৰুজ্জীৱিত কৰা। প্ৰদৰ্শনীত চাৰিখন ৰাজ্য ক্ৰমে অসম, নাগালেণ্ড, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাৰ ছয়টা গোটে ভাগ লৈছে। প্ৰদৰ্শনীখনৰ আন এটা উদ্দেশ্য হৈছে হস্ততাঁত আৰু হস্ততাঁত সামগ্ৰীৰ সজাগতা অনাৰ বাবে শিল্পীৰ কাহিনী, তেওঁলোকৰ শিল্প আৰু সংস্কৃতি সন্দৰ্ভত সজাগতা সৃষ্টি কৰা।