গুৱাহাটীৰ উলুবাৰীস্থিত শৰণীয়া আশ্ৰমত কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট, সৰ্বদয় ট্ৰাষ্ট আৰু অসম মহিলা অভিযন্তা সন্থাৰ যৌথ উদ্যোগত আৰ্থিক ভাৱে দুৰ্বল মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে বিগত ২০২২ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা চলি আছে তিনিমহীয়া চিলাই প্ৰশিক্ষণ। কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ ৰাষ্ট্ৰীয় ন্যাসৰক্ষী আৰু অসম মহিলা অভিযন্তা সন্থাৰ উপদেষ্টা নয়ন ভাণ্ডাৰী শৰ্মাৰ বিশেষ উদ্যোগত চলি থকা চিলাই প্ৰশিক্ষণ কাৰ্যসূচীত ইতিমধ্যে ৫০ গৰাকী – মহিলা যুৱতীয়ে প্ৰশিক্ষণ সমাপ্ত কৰিছে। তেওঁলোকৰ বহুতেই নিজ ঘৰ বা আন ব্যৱসায়িক অঞ্চলত চিলাই মেচিন বহুৱাই আৰ্থিক ভাৱে স্বাবলম্বি হবলৈ সক্ষম হৈছে।
বৰ্তমান চিলাই প্ৰশিক্ষণ কাৰ্যসূচীৰ তৃতীয় গোটৰ প্ৰশিক্ষণ চলি আছে। অানহাতে চিলাই প্ৰশিক্ষণ সম্পূৰ্ণ কৰা প্ৰশিক্ষাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা উপলক্ষে শৰণীয়া আশ্ৰমৰ সভাগৃহত আজি এখন সভা অনুষ্ঠিত হয়। নয়ন ভাণ্ডাৰী শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত সকলোকে আদৰণি জনায় ট্ৰাষ্টৰ প্ৰতিনিধি বিউটি দাসে আৰু আঁত ধৰে উপ প্ৰতিনিধি ভানু কাকতিয়ে। সভাত অসম মহিলা অভিযন্তা সন্থাৰ উপ সভানেত্ৰীদ্বয় মৃদুলা দাস আৰু ৰেখা মজুমদাৰ, সম্পদিকা অন্তৰা বৰুৱা, সন্থাৰ নিউজ লেটাৰৰ সম্পাদক গীতিমালা বৈশ্যই ভাষণ প্ৰসংগত সন্থাৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি চিলাই প্ৰশিক্ষণ সম্পূৰ্ণ কৰা মহিলা সকলক পৰৱৰ্তী সময়তো সহায়ৰ হাত আগবঢ়াব বুলি সদৰি কৰে। সভাত চিলাই প্ৰশিক্ষণ সম্পূৰ্ণ কৰা মহিলা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। সভাত কেবাজনেও কবিতা আবৃত্তি পৰিবেশন কৰাৰ লগতে কেবাজনেও গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।