কুইপৰ দুই কৰ্মচাৰীৰ অপহৰণ ঘটনাৰ পিছত এইবাৰ ONGCৰ ৩ কৰ্মচাৰীক অপহৰণ।
পুৱতি নিশা প্ৰায় ৩ বজাত লাকুৱা জিজিএছ-৪, চৰাইদেউ জিলাৰ পৰা ONGCৰ (তেল আৰু প্ৰাকৃতিক গেছ) লিমিটেডৰ পৰা ৩জন কৰ্মচাৰীক ৫জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰে।
এই অপহৰণৰ আঁৰত ULFA(I) আৰু NSCN(K) জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
কিন্তু বৰ্তমানলৈ এই ঘটনাৰ আঁৰত কোন আছে জানিবলৈ পৰা হোৱা নায়।
সন্দেহ প্ৰকাশ কৰা সংগঠন দুটাৰ পৰাও কোনোধৰণৰ আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নায়।
অপহৰণ কৰা হৈছে মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়াক।
ONGCৰ এম্বুলেঞ্চেৰে অপহৰণ কৰে কৰ্মচাৰীকেইজনক।
৫জনীয়া দলটোৱে উভতাই পঠিয়াই দিয়ে এম্বুলেঞ্চসহ চালকজনক।
মুক্ত হোৱা চালকজন সম্প্ৰতি আৰক্ষী থানাত।
অপহৃত মোহিনী মোহন গগৈৰ ঘৰ শিৱসাগৰৰ নিতাইপুখুৰীৰ সৰুআলিত।
ৰিতুল শইকীয়াৰ ঘৰ যোৰহাটৰ বৰহোলাত আৰু অলকেশ শইকীয়াৰ ঘৰ যোৰহাটৰ সৰ্বাইবন্ধাত।
অপহৃত মোহিনী মোহন গগৈ আৰু ৰিতুল শইকীয়া জুনিয়ৰ টেকনিচিয়ান।
ইফালে অপহৃত অলকেশ শইকীয়া জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত।
অপহৰণ কৰি নিয়া গাড়ীখন নিমনাগঁড় জংঘলত উদ্ধাৰ কৰা হয়।
অপহৰণ কৰা তিনিওজনকে নাগালেণ্ডলৈ লৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
মথুৰাপুৰ অৰণ্যৰে নাগালেণ্ডত প্ৰৱেশ কৰাৰ সন্দেহ। ONGC কৰ্তৃপক্ষই গোচৰ ৰুজু কৰিছে নাজিৰা আৰক্ষী থানাত। এম্বুলেঞ্চত উদ্ধাৰ কৰা হৈছে এটা খালী কাৰ্টিজ।
Photo: Headline8