আজি ৮ জুন, ২০২১ ।
তিনি বছৰ পূৰ্বে আজিৰ এই দিনটোতে কাৰ্বি আংলঙৰ ডকমকাত এদল মানৱ ৰূপী দানৱে অতি বৰ্বৰভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল নিজা বাহনেৰে সেই অঞ্চললৈ ফুৰিবলৈ যোৱা গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নীলোৎপল দাসক ।
আৰক্ষীয়ে ইতিমধ্যেই এই গোচৰত গ্ৰেপ্তাৰ কৰিছে ৪৮ গৰাকীকৈ লোকক। এইসকল অপৰাধীৰ এজন কিশোৰ হোৱা হেতুকে এতিয়া আশ্ৰয় লাভ কৰিছে শিশুগৃহত । অন্যসকলে পিছে আজিকোপতি নাপালে কোনো দৃষ্টান্তমূলক শাস্তি।
আনহাতে গণপ্ৰহাৰ গোচৰৰ বিচাৰৰ বাবে ফাষ্ট ট্ৰেক ক’ৰ্ট স্থাপন কৰাৰ চৰকাৰী প্ৰতিশ্ৰুতিও কাৰ্যত ফুটুকাৰ ফেন হ’ল । যি নহওঁক, কেমেৰাৰ সন্মুখতে সংঘটিত হোৱা দুই সুঠাম যুৱকৰ নৃশংস হত্যাকাণ্ডৰে জড়িত সকলে তিনিটা বছৰ পাৰ হৈ যোৱাৰ পিছতো কোনো দৃষ্টান্তমূলক শাস্তি লাভ নকৰাৰ ঘটনাটোৱে পুনৰ যেন আমাৰ ন্যায়িক ব্যৱস্থাটোৰ আঁসোৱাহ পূৰ্ণ দিশটোকে উদঙাই দিছে।