সোমবাৰে নিশা ১০.৩০ বজাত অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ৰহাৰ সাহসী বোৱাৰী নিহাৰিকা দাসৰ শহুৰেক থুলেশ্বৰ দাসে।
গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল নিহাৰিকাৰ শহুৰেক।
উল্লেখ্য কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল নিহাৰিকাৰ পিতৃস্নেহৰ অপূৰ্ব নিদৰ্শনৰ ছবি।
ক’ভিড আক্ৰান্ত শহুৰ দেউতাকক নিজেই বোকোচাত তুলি গাড়ীত উঠাই চিকিৎসালয়লৈ নিছিল নিহাৰিকাই। যাৰ বাবে নিহাৰিকা নিজেও হৈ পৰিছিল ক’ভিড পজিটিভ।
নগাঁৱত চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতে শহুৰেকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছিল। শহুৰেকৰ সৈতে জিএমচিএইচলৈ যাব বিচাৰিছিল নিহাৰিকাও।
নিহাৰিকাৰো কোভিড পজিটিভ হৈ থকাৰ বাবেই স্বাস্থ্য বিভাগে অনুমতি দিয়াত শহুৰেকৰ সৈতে নিহাৰিকাকো জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল।
আজি প্ৰশাসনৰ নিয়ম অনুসৰি থুলেশ্বৰ দাসৰ সম্পন্ন হ’ব শেষকৃত্য।
Photo: Google