তিনিচুকীয়া জিলা আৰক্ষীয়ে টিংৰাই বজাৰত গ্ৰেনেড বিস্ফোৰণত জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰাত সফল হৈছে।
আটকাধীন যুৱকজনক লক্ষীপথাৰৰ দীপেন গগৈ বুলি চিনাক্ত কৰা হৈছে।
তিনিচুকীয়া আৰক্ষীয়ে লগতে গ্ৰেনেড বিস্ফোৰণত ব্যৱহৃত বাইকখন উদ্ধাৰ কৰাটো সফল হৈছে। ইফালে, আৰক্ষীৰ তদন্ত এতিয়াও অব্যাহত আছে।
ইয়াৰ পূৰ্বে ১৫ মে’ত তিনিচুকীয়া আৰক্ষীয়ে সন্দেহযুক্ত দুৰ্বৃত্তৰ বিষয়ে দৃঢ় তথ্য দিব পৰা লোকজনক ২ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছিল।
@assampolice@DGPAssamPolice
@gpsinghassam @lrbishnoiassam@HardiSpeaks @DCTinsukia @diprassam— Tinsukia Police (@TinsukiaPolice) May 15, 2021
Photo: Headline8