নিৰ্বাচনী প্ৰাকমুহূৰ্তত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুয়ে কংগ্ৰেছ দলটোক বাৰুকৈয়ে ক্ষতি কৰিছে।
কিন্তু এই সময় কোনোৱে ধৰি ৰাখিব নোৱাৰে। সময় আহে আৰু যায়। ৰৈ নাথাকে কাৰোলৈকে।
তেওঁৰ মৃত্যুৰ পিছত নিৰ্বাচন পুনৰ আহিল। গতিকে কংগ্ৰেছৰ দুৰ্গ তিতাবৰ সমষ্টিটোত প্ৰাৰ্থী দিবই লাগিব।
যাৰ বাবে কংগ্ৰেছে তিতাবৰ সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ভাস্কৰ জ্যোতি বৰুৱাক।
ইফালে বিৰোধী দল কংগ্ৰেছৰ বিভিন্নজন নেতাই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক সমষ্টিটোৰ পৰা নিৰ্বাচন খেলিবলৈ সন্মতি প্ৰদান কৰিছিল।
কিন্তু নিৰ্বাচনী আইন অনুসৰি গৌৰৱ গগৈয়ে সাংসদৰ পদ ত্যাগ নকৰালৈকে নিৰ্বাচনত কৰিব নোৱাৰে প্ৰতিদ্বন্দ্বিতা।
যাৰ বাবে অৱশেষত দেওবাৰে নিশা কংগ্ৰেছে ৩ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে।
ইয়াতে এটা সমষ্টি পৰিছে তিতাবৰৰ ১০০নং।
তালিকাখনত উল্লেখ কৰা হৈছে কোনে খেলিব কংগ্ৰেছৰ দুৰ্গ তিতাবৰ সমষ্টিৰ পৰা?
কিন্তু কংগ্ৰেছৰ তালিকাখনত অন্তৰ্ভুক্ত হোৱা তিতাবৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা ভাস্কৰ জ্যোতি বৰুৱাৰ এনে কি যোগ্যতা আছে যে তেওঁ কংগ্ৰেছৰ এই গুৰুত্বপূৰ্ণ সমষ্টিটো নিজ হাতলৈ আনিব পাৰিব।
সমষ্টিটোৰ পৰা বিজেপিৰ হৈ হেমন্ত কলিতা আৰু অজাপৰ হৈ শৈলেন্দ্ৰ কুমাৰ হাজৰিকাই এইবাৰ নিৰ্বাচনী যুঁজ দিব।
এই যুঁজ কোনে জিকিব, কোনে হাৰিব সেয়া আগন্তুক নিৰ্বাচনৰ ফলাফলতহে দেখিবলৈ পোৱা যাব।
বৰ্তমান উল্লেখযোগ্য কথাটো হ’ল যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ সমষ্টি তিতাবৰত প্ৰাৰ্থী ভাস্কৰ জ্যোতি বৰুৱাই নিজৰ জয়গান গাব পাৰিবনে?
পুনৰ সমষ্টিটো কংগ্ৰেছৰ হাতলৈ আহিবনে? নে তৰুণ গগৈৰ অনুপস্থিতিত দলটোক মোক্ষম আঘাত দিব। সেয়া সময়তহে লক্ষণীয় হ’ব।
Photo: Google