শুকুৰবাৰে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা জাৰি কৰিছে।
খোদ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এইবাৰ নন্দীগ্ৰামৰ নিৰ্বাচনী যুঁজত নামিব।
TMCয়ে আজি মুঠ ২৯১ গৰাকী প্ৰাৰ্থীৰ তালিকা জাৰি কৰিছে, ৩খন আসন বন্ধুসকলৰ বাবে এৰি দিয়া হৈছে।
সংবাদমেলযোগে মমতা বেনাৰ্জীয়ে চিধাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান জনাইছে।
AITC Candidates for West Bengal Bidhan Sabha Elections 2021https://t.co/PLvmznHmrX
— All India Trinamool Congress (@AITCofficial) March 5, 2021
সংবাদমেলত যেতিয়া মমতা বেনাৰ্জীক নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত ২০খন কৰিবলগীয়া ৰেলীৰ কথা সোধে তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ লাগে ১২০খন ৰেলীয়ে কৰক, আমি নিৰ্বাচনী যুঁজৰ শেষলৈ যুঁজ দিম।
উল্লেখ্য বিগত দিনত এই কথা পোহৰলৈ আহিছিল যে, এইবাৰ মুঠ ২০খন ৰেলী কৰিব।
Photo: Google