অসম চৰকাৰৰ বন বিভাগৰ বিভিন্ন সংমণ্ডলত আজিও বেতন বিহীন ভাবে সেৱা আগবঢ়াই আহিছে কেবা শতাধিক কেজুৱেল কর্মী তথা মাষ্টাৰৰোল শ্ৰমিক । মাহৰ পাছত মাহ ধৰি দৰমহা নাপায় তেওঁলোকৰ পানীত হাঁহ নচৰা অৱস্থা হোৱাৰ লগতে ধনৰ অভাৱত চিকিৎসা কৰিব নোৱাৰি বিগত সময়চোৱাত ইতিমধ্যে ২০ জনতকৈ অধিক কেজুৱেল কর্মীৰ মৃত্যু হৈছে। বিভাগীয় মেৰপেছৰ বাবে আজিও তেওঁলোক নিৰ্ধাৰিত হাৰত বা ফিক্সড পে দৰমহা লাভৰ পৰাও বঞ্চিত হব লগা হৈছে।
আনহাতে সদৌ অসম কেজুৱেল বন শ্ৰমিক সন্থাৰ কোষাধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি অহা নলবাৰীৰ মুকালমুৱাৰ বাসিন্দা পবিত্ৰ হালৈ সম্প্ৰতি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ আৰ্য নাৰ্ছিং হোমত বিগত তিনিদিন ধৰি চিকিৎসাধীন হৈ আছে। আজি সন্থাৰ সভাপতি চিকন ডেকাৰ নেতৃত্বত সম্পাদক ধনঞ্জয় দাস, সহকাৰী সম্পাদক ৰজনী ডেকা, উপদেষ্টা অমৃত বড়ো, কাৰ্যকৰী সদস্য দিলীপ কলিতা ( চক্ৰ ) সহ এটা দলে আৰ্য নাৰ্ছিং হোমত গৈ সতীৰ্থ পবিত্ৰ হালৈৰ স্বাস্থ্যৰ বুজ লয়। দলটোৱে দুখৰ মাজতো তেওঁলোকে নিজৰ ভিতৰত সাধ্যানুসৰি সংগ্ৰহ কৰা এটা মোটা অংকৰ ধনৰ টোপোলা চিকিৎসালয়তে চিকিৎসকৰ অনুমতি সাপেক্ষে প্ৰদান কৰে।
আনহাতে সন্থাৰ ফালৰ পৰা এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰি পবিত্ৰ হালৈক উপযুক্তভাবে বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আৰু শীঘ্ৰে বন বিভাগৰ বেতন বঞ্চিত কেজুৱেল বন শ্ৰমিক সকলক নিৰ্ধাৰিত হাৰত বা ফিক্সড পেত দৰমহা প্ৰদান কৰি তেওঁলোকৰ চাকৰিৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ আহ্বান জনায়।