আজিৰে পৰা আৰম্ভ হ’ল অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটি।
অসমৰ ভিন্ন প্ৰান্তত ওখল মাখল পৰিবেশেৰে পালন কৰিছে গৰু বিহু।
এই ৰঙালী বা বহাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু হিচাপে পালন কৰা হয়।
চত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা হয় গৰু বিহু।
অসমীয়া সকলৰ অন্যতম এই গৰু বিহুটি ভিন্ন ৰীতি নীতিৰে পালন কৰা হয়।
পুৱাই নৈ, বিল, পুখুৰী আদিত গৰুক গা ধুৱাই লাওঁ, বেঙেনা, হালধি,আদি গৰু গালৈ ছটিয়াই দিয়া হয় ।
তাৰ পিছত দীঘলটি মাখলটিৰে গৰু গাত কোবাই কোৱা হয় “লাওঁ খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মায়েৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু”।
এনেদৰে ভিন্ন নীতি নিয়মেৰে আজি অসমবাসীয়ে পালন কৰিছে গৰু বিহুটি।
যদিও ৰাজ্যত ক’ৰোনা সংক্ৰমণ বৃদ্ধি পাইছে তথাপিও অতি উৎসাহ আনন্দেৰে অসমত পালন কৰিছে ৰঙালী বিহুটি।
- Photo Credit :Google