আজি বানত ক্ষতিগ্ৰস্ত লোকলৈ বানসাহায্য মোকলাই দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত আজি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘২ লাখ ৪৩ হাজাৰ ৪৮ গৰাকী লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছিল। কাছাৰ জিলাত সৰ্বাধিক ৮১,৫৩৮ গৰাকী আৰু কৰিমগঞ্জত ২৮,৩৬৪ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে। ৫,১৮৫টা ঘৰ সম্পূৰ্ণ ৰূপে ক্ষতিগ্ৰস্ত হৈছে বানত। সাহায্যৰ বাবে ১০০ কোটি ১০ লাখ টকা মুকলি কৰি দিছে চৰকাৰে।
আজি দিনৰ ১২:৩০ বজাত DBTৰ জৰিয়তে একাউণ্টত সোমাব ধন। ইতিমধ্যে, প্ৰতিটো একাউণ্টত এটকাকৈ দি ভেৰিফাই কৰা হৈছে, দুই তৃতীয়াংশই আজি লাভ কৰিব ধন। ১ লাখ ৩১ হাজাৰ ৯৮টা বেংক একাউণ্টত আজি সোমাব সাহায্যৰ ধন। ৩৪ খন জিলাৰ বানাক্ৰান্তক সাহায্য দিব চৰকাৰে। কামৰূপত ২০,৬১৫জন, দৰঙত ১০,১৯৫জন, কাছাৰত ৮১,৫৩৮ আৰু নগাঁৱত ১৫,২০০জনে পাব সাহায্য।
বানত সকলো হেৰুওৱা আৰু বৰ্তমান মথাউৰিত আশ্ৰয় লৈ থকা ৩০৯টা পৰিয়াললৈ ছেপ্টেম্বৰ মাহত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ’ব ১ লাখকৈ টকা বুলি সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।