আজি ধনৰ অধিষ্ঠাস্ত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা। ৰাজ্যজুৰি পালন কৰা হ’ব লক্ষ্মী পূজা। ধন-ঐশ্বৰ্য্য-বিভূতি,সুখ-শান্তিৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মীদেৱীৰ বন্দনাৰে মুখৰ হ’ব ৰাজ্যৰ বিভিন্ন অঞ্চল। ইতিমধ্যে ৰাজ্যৰ কেতবোৰ অঞ্চলত লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে।
উল্লেখ্য যে, সমৃদ্ধিৰ দেৱী লক্ষ্মীৰ পূজা ভাৰতৰ অসম, পশ্চিম বংগ, ত্ৰিপুৰা আৰু উৰিষ্যা আদি ৰাজ্যৰ লগতে আন বহু কেইখন ৰাজ্যত পালন কৰা হয়। এই ৰাজ্যসমূহত দুৰ্গা পূজা অনুষ্ঠিত হোৱাৰ দৰেই লক্ষ্মী পূজাও অনুষ্ঠিত হয়।
জনশ্ৰুতি অনুসৰি, আজি দেৱী লক্ষ্মীয়ে ভ্ৰমণ কৰে প্ৰত্যেকগৰাকী ভক্তৰ বাসগৃহ। সেই বাবেই আজিৰ দিনটোত নিজে নিজে বাসগৃহসমূহক সজাই পৰাই তুলি অপেক্ষা কৰা হয় দেৱী গৰাকীৰ আগমনলৈ। লক্ষ্মী পূজা উপলক্ষে ৰাজ্যখনত ব্যাপক প্ৰস্তুতিও চলিছে।