আজি গনেশ চতুৰ্থী, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গণেশ মন্দিৰত নিশাৰে পৰাই পৰিলক্ষিত হ’ল ভক্তগণৰ লানি নিছিগা শাৰী। গণেশৰ প্ৰতিমাৰে উপচি পৰিছে ৰাজ্য। গুৱাহাটীৰ গণেশগুৰি, লতাশিল খেলপথাৰৰ সমুখৰ আৰু নিউ গুৱাহাটীৰ গণেশ মন্দিৰ তিনিটিত ভগৱান গৰাকীৰ প্ৰিয় খাদ্যৰ সৈতে দেখা হ’ল অজস্ৰ লোকক।
উল্লেখ্য যে, গনেশ চতুৰ্থী বুলি ক’লেই মনলৈ অহা মহাৰাষ্ট্ৰটো এইবাৰ চৰকাৰে ২০২০ চনৰ পাছত প্ৰথম বাৰলৈ বাতিল কৰিছে কভিডৰ নিষেধাজ্ঞাসমূহ যাৰ ফলত অতি আড়ম্বৰপূৰ্ণ ভাৱে আয়োজন কৰা হৈছে গণেশ চতুৰ্থীৰ।