আজি পৱিত্ৰ বৰদিন। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবে ইশ্বৰৰ এটি অৱতাৰস্বৰূপ যীশুখ্ৰীষ্টৰ আৱিৰ্ভাৱ আজিৰ দিনটোতেই হোৱা বুলি বিশ্বাস কৰা হয়। জেৰুজালেমৰ বেথেলহেমত মাতৃ মেৰীৰ ঔৰসত জন্ম গ্ৰহণ কৰিছিল যীশুৱে। সমাজত প্ৰচলিত অসূয়া-অপ্ৰীতি দূৰ কৰি সম্প্ৰীতিৰ বাৰ্তা বিলাবলৈ যীশুক পৃথিৱীলৈ ইশ্বৰে প্ৰেৰণ কৰিছিল বুলি সকলোৰে বিশ্বাস।
এই পৱিত্ৰ বৰদিনটি কেৱল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলেই নহয় বৰং পৃথিৱীৰ সকলো লোকৰ বাবেও এক সম্প্ৰীতিৰ উৎসৱ। চৌদিশে ৰং-বিৰঙী আলোকসজ্জ্বাৰে সজাই পৰাই তোলা গীৰ্জাঘৰ, ৰাজহুৱা স্থানসমূহে লৈ ফুৰে এক আনন্দময় পৰিৱেশ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীও সজাই পৰাই তোলা হ’ল এই পৱিত্ৰ বৰদিনৰ বাবে। কেৱল অসমৰেই নহয় বৰং চুবুৰীয়া ৰাজ্যসমূহৰ পৰা অসমলৈ অহা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ বাবেও আজিৰ দিনটোত গুৱাহাটী মহানগৰী হৈ পৰিল অতিকৈ আপোন। মহানগৰীৰ পানবজাৰ, খ্ৰীষ্টানবস্তি আৰু বেলতলাৰ গীৰ্জাঘৰ কেইটাও সজাই পৰাই তোলা হৈছে আজিৰ এই বিশেষ দিনটোৰ বাবে।